• কৰ'নাৰ দ্ৰুত সংক্ৰমণ : শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি

    ৰাষ্ট্ৰীয়
    কৰ'নাৰ দ্ৰুত সংক্ৰমণ : শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি

    নতুন দিল্লী : দেশত ভয়াৱহ ৰূপ লৈছে কৰ’নাই৷ বৃহস্পতিবাৰৰ দিনটোতে আক্ৰান্ত হৈছে ৮১,৪৬৬জন লোক আৰু মৃত্যু ঘটিছে ৪৬৯জন লোকৰ৷ কালিৰ আক্ৰান্তৰ সংখ্যাৰ পাছতে দেশত ১২৩ কোটিলৈ বৃদ্ধি পায়৷

    আৰু পঢ়িব পাৰিব : ইভিএম নিয়াক লৈ হিংসাত্মক কাৰ্য : আহত ২জন

    ক’ভিডে মহাৰাষ্ট্রত সবাতোকৈ শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে পুনৰ। মহাৰাষ্ট্রত বৃহস্পতিবাৰে আক্ৰান্ত ৪৩,১৮৩জন লোক৷ মুম্বাইত নতুনকৈ আক্ৰান্ত ৮,৬৪৬জন লোক৷ ক’ভিডৰ পুনৰ সংক্ৰমণলৈ লক্ষ্য কৰি মহাৰাষ্ট্রত শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি পাইছে৷

    আৰু পঢ়িব পাৰিব : ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

    ইপিনে ক’ভিডক লৈ দিল্লী চৰকাৰেও বিশেষ সতৰ্কতা অৱলম্বন কৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জৰুৰী বৈঠকৰ আহ্বান জনায়৷ কালিৰ দিনটোত ২,৭৯০জন নতুন ক’ভিড ৰোগী চিনাক্ত হয়৷