• কৰ'নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক'ভিডত

    ৰাষ্ট্ৰীয়
    কৰ'নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক'ভিডত

    গুৱাহাটী : দেশত কৰ’না ভাইৰাছে লৈছে ভয়াৱহ ৰূপ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১ লাখ ২৬ হাজাৰ লোক৷ ইপিনে দেশত এদিনতে মৃত্যু হয় ৬৮৫জন লোক৷ দিল্লীৰ হাস্পতালৰ ৩৭জন চিকিৎসক আক্ৰান্ত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আই আই টিৰ ৰুৰকীৰ ৯০ জন শিক্ষাৰ্থী আক্ৰান্ত হয় কৰ'না ভাইৰাছত৷





    আৰু পঢ়িব পাৰিব :দেশজুৰি ‘টিকা উৎসৱ’ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !





    উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত নৈশ সান্ধ্য আইন জাৰী কৰে প্ৰশাসনে৷ লক্ষ্ণৌতো মেডিকেল কলেজৰ ৪০ জন চিকিৎসক আক্ৰান্ত হয়৷ মুম্বাইত এদিনতে আক্ৰান্ত হয় ৮,৯৩৮জন লোক৷ পশ্চিমবংগত কালি আক্ৰান্ত হয় ২,৭৮৩ জন লোক৷





    আৰু পঢ়িব পাৰিব :বাকসাত নৃশংস হত্যাকাণ্ডঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য





    ৰাজ্যতো উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোত আক্ৰান্ত ২৪৫জন লোক৷ কামৰূপ মহানগৰীত আক্ৰান্ত হৈছে ১২৮জন লোক৷ ডিব্ৰুগড় জিলাত আক্ৰান্ত ২৬জন লোক৷ কামৰূপ জিলাত ১২জন লোক আক্ৰান্ত হয়৷ ৰাজ্যত বৃদ্ধি কৰা হ’ব ক'ভিড টেষ্টৰ প্ৰক্ৰিয়া৷ নিতৌ ৩০ হাজাৰৰ পৰা ১লাখ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য ৰাজ্য স্বাস্থ্য বিভাগৰ৷