Regional
Assam CM Himanta Biswa Sarma went to the construction site this morning to inspect the progress...
নতুন দিল্লী : দেশত কৰ'না মহামাৰীৰ ভয়াৱহতাৰ মাজতে ‘বাৰ্ড ফ্লু’ক লৈ আতংকৰ সৃষ্টি হৈছে৷ মধ্যপ্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত উদ্বেগ বৃদ্ধি কৰিছে বাৰ্ড ফ্লুৱে। ৰাজ্যকেইখনত সঘনে চৰাইৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে।
আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰপৰা তথ্য সংগ্ৰহ কৰাৰ বাবে দিল্লীত এটা নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰিছে। এই বিষয় সন্দৰ্ভত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংশ্লিষ্ট বিভাগৰ সৈতে এক বৈঠকত মিলিত হয় আৰু জিলা পৰ্যায়ৰ পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে।
আৰু পঢ়িব পাৰিব : মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে ঘৰ এৰি প্ৰতিবাদ ভুক্তভোগী মহিলাৰ…
ৰাজ্যত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰপৰা মুৰ্গীৰ ব্যৱসায় সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। কেইবাখনো ৰাজ্যই মঙলবাৰে বাৰ্ড ফ্লুৰ H5N8 চাপ নিয়ন্ত্ৰণ কৰাৰ বাবে সতৰ্কবাণী জাৰি কৰে আৰু পৰীক্ষাৰ বাবে মৃত পক্ষীবোৰৰ নমুনা প্ৰেৰণ কৰে। ইফালে কেৰালাত ইতিমধ্যে কুকুৰা আৰু হাঁহৰ নিধন কাৰ্য আৰম্ভ কৰা হৈছে। কৰ্ণাটক আৰু তামিলনাডুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে।
Leave A Comment