গুৱাহাটী : দেশজুৰি কৰ’নাৰ সংক্ৰমণে পুনৰ তীব্ৰতা লাভৰ পাছত দেশত আন এক স্বাস্থ্য সংকটৰ সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে। দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ক’ভিডজনিত বাধা-নিষেধ তথা নীতি নিয়ম অধিক কঠোৰ কৰি তোলা হৈছে। দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰো আশংকা কৰা হৈছে৷ বিগত কেইবাদিনৰ ধাৰাবাহিক দ্ৰুত বৃদ্ধিৰ পাছত কালিৰ দিনটোত দেশত প্ৰায় ৪১ হাজাৰ আক্ৰান্ত চিনাক্ত হয়৷
আৰু পঢ়িব পাৰিব :কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১
বিগত প্ৰায় চাৰি মাহৰ ভিতৰত কালিৰ দিনটোতে আটাইতকৈ বেছিসংখ্যক আক্ৰান্ত চিনাক্ত হৈছে৷ শুকুৰবাৰৰ দিনটোত চিনাক্ত হয় ৪০,৯৫৩জন লোক। কেইবাখনো ৰাজ্যত আংশিক লকডাউন চলি থকাৰ মাজতে পুনৰ সৰ্বাত্মক লকডাউনৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে৷ ইয়াৰ বিপৰীতে কিন্তু নিৰ্বাচনমুখী ৫খন ৰাজ্যত অতি বিপজ্জনক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে৷ হাজাৰ হাজাৰ লোক সমৱেত হৈছে নিৰ্বাচনী ৰেলীত৷
আৰু পঢ়িব পাৰিব :মোদী, শ্বাহক দুৰ্যোধন-দুঃশাসন আখ্যা মমতা বেনাৰ্জীৰ
অসমতো নিৰ্বাচনী ৰাজনীতিয়ে ক’ভিড নীতিক ধোঁৱাচাঙত তোলা দেখা গৈছে৷ কামৰূপ মহানগৰ প্ৰশাসনে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি শুকুৰবাৰে নিশা এক নিৰ্দেশনা জাৰি কৰিছে যদিও নিৰ্বাচনী ৰেলীত এই নীতি কিমানদূৰ প্ৰযোজ্য হ’ব সেয়া সময়েহে ক’ব৷ ‘আৰোগ্য সেতু’ৰ এপৰ তথ্য অনুসৰি, অসমত এতিয়ালৈ মুঠ ২,১৬,০৩৬জন ক'ভিড আক্ৰান্ত চিনাক্ত হৈছে আৰু ২৬৯জন লোক এতিয়া চিকিৎসাধীন হৈ আছে।
আৰু পঢ়িব পাৰিব :ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি
আনহাতে ২,১৪,৬৭৬জনে আৰোগ্য লাভ কৰিছে৷ ইফালে দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত শুকুৰবাৰৰ দিনটোত ২৫,৬৮১জন লোকৰ দেহত ধৰা পৰিছে ক'ৰনাৰ সংক্ৰমণ৷ আৰু ২৪ ঘণ্টাত ৭০জন লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত ৪০,৯৫৩জন নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে৷ ১৮৮ জনৰ মৃত্যু হৈছে৷ দেশৰ সৰ্বমুঠ সংক্ৰমণৰ ঘটনাৰ ভিতৰত ৮০.৬৩শতাংশ ঘটনা চিনাক্ত হৈছে কেৱল মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, গুজৰাট আৰু চত্তিছগড়ত।
Leave A Comment