Regional
গুৱাহাটী : দেশত কৰ’নাৰ দ্বিতীয় ঢৌৰ আশংকা৷ কেন্দ্ৰই জাৰি কৰিলে নতুন গাইডলাইন৷ এপ্ৰিলৰ পৰা বলবৎ হ’ব নতুন ক’ভিড বিধি৷ ৰাজ্যই স্থানীয়ভাৱে আৰোপ কৰিব পাৰিব নিধেষাজ্ঞা৷ কণ্টেইনমেণ্টৰ বাহিৰত নাথাকে বাধা নিষেধ৷ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগিব ক’ভিড পৰীক্ষা বিধি৷ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ৷ দ্ৰুত হাৰত টিকাকৰণ বৃদ্ধিৰ নিৰ্দেশো প্ৰদান কৰে কেন্দ্ৰই৷
আৰু পঢ়িব পাৰিব :৫০ বছৰীয়া লোকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্ত্বা ১২ বছৰীয়া কিশোৰী
এটা দিনত ৪৭,২৬২জন লোকৰ দেহত ধৰা পৰে নতুন কৰ'না ভাইৰাছৰ উপস্থিতি৷ যাৰ ফলত এই ঘটনাই উদ্যেগৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতেই। এই বছৰ এতিয়ালৈকে সৰ্বাধিক একক দিনৰ বৃদ্ধি, দেশজুৰি ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১,১৭,৩৪,০৫৮লৈ বৃদ্ধি পায়৷ কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে বুধবাৰে এই তথ্য সদৰী কৰে।
আৰু পঢ়িব পাৰিব :‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ ১১ ঘণ্টীয়া অনশন…
সক্ৰিয় ক'ভিড-১৯ৰ ঘটনা বিগত ১৪ দিনত দৈনিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ আৰু এই বিগত দিন কেইটাত ৩,৬৮,৪৫৭ লৈ বৃদ্ধি হয় কৰ'না ভাইৰাছ সংক্ৰমণৰ ঘটনা৷ যাৰ ভিতৰত মুঠ সংক্ৰমণৰ ৩.১৪ শতাংশ হয়৷ আনহাতে আৰোগ্যৰ হাৰ ৯৫.৪৯ শতাংশলৈ হ্ৰাস পাইছে৷
Leave A Comment