comScore
  • ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

    ৰাষ্ট্ৰীয়
    ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

    নতুন দিল্লী : দেশৰ স্বাস্থ্যখণ্ডলৈ সুখবৰ। ক’ভিড মুক্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে দেশ। ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত যোৱা ২৪ ঘণ্টাত এজনো ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই। এই ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশো আছে।





    আৰু পঢ়িব পাৰিব : ২৬ জানুৱাৰীৰ হিংসা : আন এজন অভিযুক্ত আৰক্ষীৰ জালত





    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য সদৰি কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, পুডুচেৰী, হিমাচল প্ৰদেশ, লাক্ষাদ্বীপ, মণিপুৰ, লাডাখ, অসম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত এজনো ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই।





    আৰু পঢ়িব পাৰিব : ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং…





    ইফালে আজি পুৱালৈকে দেশৰ প্ৰায় ৯০ লাখ লোকৰ টিকাকৰণ কৰা হৈছে বুলিও প্ৰকাশ কৰে স্বাস্থ্য বিভাগে।