• ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ

    ৰাষ্ট্ৰীয়
    ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ

    নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ দ্ৰুততৰ গতিৰ মাজতে এটা সুখবৰ দিছে ‘ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ’ চমুকৈ আইচিএমআৰ-এ। আইচিএমআৰৰ গৱেষণা অনুসৰি দেশীয়ভাৱে উদ্ভাৱন কৰা ক’ভিড-১৯ৰ প্ৰতিষেধক কোভাক্সিনে ক’ভিড সৃষ্টিকাৰী SARS-CoV-2 ভাইৰাছৰ কেইবাটাও ৰূপক প্ৰতিৰোধ কৰিব পাৰে আৰু ই ডবল মিউটেণ্ট অৰ্থাৎ দুবাৰকৈ উৎপৰিৱৰ্তন ঘটা ভাইৰাছৰ ৰূপৰ বিৰুদ্ধে কাম কৰিব পাৰে।





    আৰু পঢ়িব পাৰিব: দ্ৰুতগতিত সংক্ৰমণঃ স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে অসমত প্ৰৱেশ বহুজনৰ





    উল্লেখ্য যে, ক’ভিড-১৯ৰ বিৰুদ্ধে কোভাক্সিন জৰুৰীভাৱে ব্যৱহাৰৰ বাবে ভাৰতকে ধৰি ভালেকেইখন দেশত অনুমোদন দিয়া হৈছিল। কোভাক্সিন ব্যৱহাৰেৰে ভেকচিনেৰে ইতিমধ্যে দেশত টিকাকৰণ অভিযান চলাই থকা হৈছে। আইচিএমআৰে প্ৰকাশ কৰিছে যে, ‘আইচিএমআৰৰ অধ্যয়নত প্ৰকাশ পাইছে যে, কোভাক্সিনে ক’ভিড সৃষ্টিকাৰী ভাইৰাছৰ কেইবাটাও ৰূপৰ বিনাশ ঘটোৱাৰ লগতে দুবাৰকৈ উৎপৰিৱৰ্তন ঘটা ভাইৰাছকো প্ৰতিৰোধ কৰিব পাৰে।’





    আৰু পঢ়িব পাৰিব: কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে





    SARS-CoV-2 ভাইৰাছৰ ব্ৰাজিলীয় ৰূপ, বৃটিছ ৰূপ, দক্ষিণ আফ্ৰিকীয় ৰূপ আদিক প্ৰতিৰোধৰ ক্ষেত্ৰত কোভাক্সিন কাৰ্যকৰী বুলি প্ৰকাশ পাইছে অধ্যয়নটোত। দেশত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে এই তথ্য এক আশাপ্ৰদ খবৰ হিচাপে চিহ্নিত হৈছে।