Sci & Tech
নতুন দিল্লী : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মা আক্রান্ত হৈছে ক’ভিড–১৯ত৷ টুইটযোগে এইকথা প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বৰ্তমান দুয়োগৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে৷
আৰু পঢ়িব পাৰিব : তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত উদ্ধাৰ মৃতদেহ : আজিকোপতি হোৱা নাই তদন্ত
ক'ভিড আক্ৰান্ত বুলি ধৰা পৰাৰ পাছতে এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চিনাম্মায়ে নিজকে পৰিয়ালৰ অন্য সদস্যৰ পৰা আছুতীয়াকৈ ৰাখে৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে ধন্যবাদ জনাই দেৱগৌড়াই৷
আৰু পঢ়িব পাৰিব : ড্ৰাগছ কাণ্ডত জড়িত অভিনেতা এজাজ খান!
লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান কৰিছে৷
Leave A Comment