• ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে

    ৰাষ্ট্ৰীয়
    ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে

    মুম্বাই : ক'ভিড-১৯ৰ ত্ৰাসত স্বপ্ন নগৰী মুম্বাই মুম্বাইত বিগত দুসপ্তাহ ধৰি লকডাউন অব্যাহত এনে পৰিস্থিতিৰ মাজতে সাধাৰণ জনতাৰ কাষত থিয় দিছে মুম্বাই পৌৰসভাৰ লগতে স্বাস্থ্য, আৰক্ষী প্ৰশাসনৰ কৰ্মকতা আৰু চিকিৎসকসকল৷ ইয়াৰ মাজতে এগৰাকী মহাতাৰকাই দেখুৱালে প্ৰশংসনীয় নিদৰ্শন৷ এইবাৰ সহায়কাৰীসকলৰ বাবে ওলাই আহিল ছলমান খান৷ সামাজিক মাধ্যমত দাবাং খানে মুম্বাইৰ প্ৰথম শাৰীৰ যোদ্ধাসকলক খাদ্য যোগান ধৰা এটা ভিডিঅ'ই ব্যাপক চৰ্চা লাভ কৰিছে৷





    আৰু পঢ়িব পাৰিব : সুৰা নাপাই ছেনিটাইজাৰ সেৱন : ৬জন লোকৰ অপমৃত্যু






    শিৱসেনাৰ যুৱ মৰ্চা,যুৱ সেনাৰ সদস্য ৰাহুল কানাল জামানে সদৰি কৰিছে, ‘এই যোদ্ধাসকলক শ্ৰদ্ধা কৰিছে ছলমানে৷ তেওঁৰ মাতৃয়ে কৰ্তব্যৰত আৰক্ষীক নিজ হাতে তৈয়াৰী টিফিন যোগান ধৰিছিল৷ যিটো সময়ত সমগ্ৰ দেশে গৃহবন্দীত্বক স্বীকাৰ কৰি লৈছে সেইসময়ত সাধাৰণ মানুহৰ কথা চিন্তা কৰিছে প্ৰথম শাৰীৰ যোদ্ধাসকলে৷ সেইবাবে তেওঁলোকৰ জীৱন যুজঁৰ কষ্ট উপশম কৰিবৰ উদ্দেশ্যই এনে মহৎ পদক্ষেপ লৈছে ভাইজানে৷’





    আৰু পঢ়িব পাৰিব : ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত






    সামাজিকভাৱে সচেতন ছলমান খানৰ এনে মহানুভৱতা এয়াই প্ৰথম নহয়, বিগত বছৰতো ক'ৰনা মহামাৰীৰ সংহাৰলীলাৰ সময়ত তাৰকাগৰাকীয়ে 'Being Hungry' উদ্যোগৰ আৰম্ভণি কৰিছিল৷ এই উদ্যোগটোৰ জৰিয়তে শ্ৰমিকসকলক ৰেচন যোগান ধৰা হৈছিল৷