• ক’ভিড পৰিস্থিতিৰ অৱনতি অব্যাহত, প্ৰতিষেধকেই ভৰসা!

    ৰাষ্ট্ৰীয়
    ক’ভিড পৰিস্থিতিৰ অৱনতি অব্যাহত, প্ৰতিষেধকেই ভৰসা!

    নতুন দিল্লী : দেশত ভয়াৱহ ৰূপত সংক্ৰমিত হৈ আছে কৰ’না৷ দেশত এদিনতে ক’ভিডত আক্ৰান্ত ৩,৮৬,৪৫২জন৷ বিগত ৯ দিনৰ ভিতৰত দেশত সৰ্বাধিক আক্ৰান্ত হয় বৃহস্পতিবাৰৰ দিনটোত৷ ইয়াৰ বিপৰীতে এদিনতে ৩,৪৯৮গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হয়৷





    আৰু পঢ়িব পাৰিব : ২ মে’ত কোন দলৰ হাতত পাঁচ ৰাজ্যৰ শাসনৰ বাঘজৰী?





    আনহাতে, কেৱল দিল্লীতেই এদিনত ৩৯৫জন ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ ক'ভিডে সংহাৰ ৰূপ লোৱালৈ লক্ষ্য কৰি দিল্লীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে৷ মহাৰাষ্ট্ৰ, কৰ্ণাটকতো ক'ভিডৰ প্ৰকোপ বৃদ্ধি পাইছে৷ সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ বাবে গোৱাত ৩ মে'লৈকে লকডাউন ঘোষণা কৰিছে চৰকাৰে৷





    আৰু পঢ়িব পাৰিব : দিল্লীত ক’ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু





    দেশত ক'ভিড প্ৰতিষেধক বৰ্তমানলৈকে গ্ৰহণ কৰিছে ১৫,২২,৪৫,১৭৯জনে৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ৩১,৭০,২২৮জন ৰোগী৷ আনহাতে, আৰোগ্য লাভ কৰিছে ১,৫৩,৮৪,৪১৪জনে। বিগত ২৪ঘণ্টাত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে ২,৯৭,৫৪০।