ডিজিটেল ডেস্ক: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৩০ জুনৰ নিৰ্দেশৰ ভিত্তিত চৰকাৰক ১১ চেপ্টেম্বৰৰ ভিতৰত ক’ভিডত নিহত ব্যক্তিৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান সম্পৰ্কীয় এক অনুপালন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ৩০ জুনৰ উক্ত আদেশ অনুসৰি চৰকাৰক ক’ভিড-১৯ ত প্ৰাণ হেৰুওৱা ব্যক্তিৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ লগৰে ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে যাৱতীয় গাইডলাইন প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল।
ন্যায়ালয়ে চৰকাৰে বিচৰা অনুসৰি এইক্ষেত্ৰত ১০ দিনৰ অতিৰিক্ত সময় প্ৰদান কৰিবলৈও অমান্তি হয়। ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে ইতিমধ্যেই ভালেখিনি বিলম্ব হৈ গৈছে। তাৎক্ষণিকভাৱে চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰিলে ক’ভিডৰ তৃতীয় ঢৌও পাৰ হৈ যোৱাৰ আশংকা আছে ইয়াৰ ফলত চৰকাৰৰ সন্মুখতেই অধিক বৃহৎ প্ৰত্যহ্বানৰ সৃষ্টি হ’ব পাৰে।
উল্লেখ্য, জুন মাহত ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে ক’ভিডৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালে বিত্তীয় ক্ষতিপূৰণ লাভ কৰিব লাগে। উক্ত নিৰ্দেশটোতেই ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ তথা সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত যাৱতীয় নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষক ছয় সপ্তাহৰ সময়সীমা বান্ধি দিছিল ন্যায়ালয়ে।
অৱশ্যেই সেই সময়ত চৰকাৰে যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে ক্ষতিপূৰণ প্ৰদানৰ সমগ্ৰ বিষয়টো চৰকাৰৰ বাবে এক বাধ্যতামূলক বিষয় হ’ব নালাগে।চৰকাৰে ক্ষতিপূৰণ পৰিশোধ কৰাৰ ক্ষেত্ৰত নিজৰ অপাৰগতাও খোলাখুলিকৈ প্ৰকাশ কৰিছিল আৰু কৈছিল যে ক্ষতিপূৰণ কেৱল প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। বিৰোধী কংগ্ৰেছে চৰকাৰক এই প্ৰসংগত সমালোচনা কৰি কয় যে ক’ভিডত নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালে ১০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিব লাগে। উল্লেখ্য যে,ৰাহুল গান্ধীয়ে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰা প্ৰাপ্ত ধনেৰে এই ক্ষতিপূৰণ আদায় দিব লাগে বুলি দাবী কৰিছিল।
Leave A Comment