• ক'ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

    ৰাষ্ট্ৰীয়
    ক'ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

    লক্ষ্ণৌ : হিন্দু-মুছলমানৰ সম্প্ৰিতিৰ নিৰ্দশন পুনৰবাৰ উজলি উঠিল উত্তৰ-প্ৰদেশত৷ এগৰাকী নগৰ পালিকাৰ অধ্যক্ষৰ প্ৰচেষ্টা ক'ভিডত মৃত্য হোৱা এজন হিন্দুৰ ব্যক্তিৰ অন্ত্যেষ্টক্ৰিয়া কৰা হয়৷ নগৰ পালিকাৰ অধ্যক্ষকে ধৰি মুছলমান যুৱকৰ এটা দলে উত্তৰ-প্ৰদেশৰ বলৰামপুৰত ক'ভিড-১৯ত মৃত্যু হোৱা এজন ৬০ বছৰীয়া হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় কৰিছিল৷ কিয়নো তেওঁৰ পৰিয়ালৰ সদস্যসকলে কৰ'না সংক্ৰমিত হোৱাৰ ভয়ত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সংকোচ বোধ কৰিছিল। যাৰবাবে এই দলটো আগবাঢ়ি আহে৷





    আৰু পঢ়িব পাৰিব : জিএমচিএইচত ড০ হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্কিঙতো আইচিইউ নিৰ্মাণৰ ব্যৱস্থা





    উল্লেখ্য যে, মুকুন্দ মোহন পাণ্ডে (৬০) নামৰ লোকজনৰ সোমবাৰে ক'ভিডত মৃত্যু হয়৷ আনহাতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ললিত পাণ্ডেও ৩০ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল৷





    আৰু পঢ়িব পাৰিব : ক’ভিড-১৯ৰ যুঁজৰ বাবে বিৰাট-অনুষ্কাৰ ২কোটিৰ অনুদান: অনলাইন পুঁজিসংগ্ৰহৰ অভিযান আৰম্ভ





    নগৰ পালিকাৰ অধ্যক্ষ শ্বাবান আলীয়ে যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁৰ কেইজনমান বন্ধু কেইজন ক্ৰমে- তাৰিক, আনাছ, গুড্ডু আৰু চফিকৰ সৈথে অন্তেষ্টিক্ৰিয়াৰ সকলো ব্যৱস্থা কৰিছিল আৰু মৃতদেহটো শ্মশানলৈ লৈ সকলো কাৰ্য সম্পন্ন কৰিছিল বুলি জানিবলৈ দিয়ে।