Regional
নতুন দিল্লী : দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা৷ অধিক বিপজ্জনক হ’ব পাৰে কৰ’নাৰ তৃতীয় লহৰ৷ কেন্দ্ৰীয় চৰকাৰক তৃতীয় ঢৌৰ সম্বৰ্ধত সতৰ্কবাণী দিছে স্বাস্থ্য বিশেষজ্ঞই৷ তৃতীয় লহৰত অধিক আক্ৰান্ত হ’ব পাৰে শিশু৷ তৃতীয় লহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপ গ্ৰহণ কৰে৷ কেন্দ্ৰৰ পৰা প্ৰস্তুতিৰ সবিশেষ বিচাৰিলে ন্যায়ালয়ে৷
আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ !
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে দেশখনক ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ বাবে সাজু থাকিব লাগিব৷ এই তৃতীয় ঢৌত অধিক ক্ষতিকাৰক হ'ব পাৰে শিশুসকল৷ লগতে চৰকাৰক অক্সিজেনৰ ষ্টক সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো
দিল্লীত অক্সিজেনযোগান ৭০০ মেট্ৰিক টনৰ পৰা হ্ৰাস নকৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ৷ উচ্চতম ন্যায়ালয়ৰ মতে, 'ক'ভিড-১৯ ৰোগীৰ চিকিৎসা কৰি থকাৰ স্বত্বেও দিল্লীৰ লোকসকলৰ মৃত্যু হৈছে আৰু অক্সিজেন যোগানৰ অভাৱৰ বাবে বহুতে প্ৰাণ হেৰুৱাইছে বুলিও অস্বীকাৰ কৰিব নোৱাৰি।'
Leave A Comment