• ক'ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি

    ৰাষ্ট্ৰীয়
    ক'ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি

    মুম্বাই: মায়ানগৰী মুম্বাইৰ পাছত সমগ্ৰ মহাৰাষ্ট্ৰততেই ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাজ্যৰ সকলো কাৰ্যালয়ৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে। আজি জাৰি কৰা নতুন বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনে নিৰ্দেশ দিছিল যে ব্যক্তিগত কাৰ্যালয়কে ধৰি সকলো কাৰ্যালয়ে ৩১ মাৰ্চলৈকে ৫০ শতাংশ কৰ্মচাৰীহে কাম কৰিব লাগিব।





    আৰু পঢ়িব পাৰিব : আম্বানীৰ জীৱনলৈ ভাবুকিৰ ঘটনা : পোহৰলৈ আহিছে বিস্ফোৰক তথ্য





    কিন্তু স্বাস্থ্য আৰু অত্যাৱশ্যকীয় সেৱাত এই নিৰ্দেশ প্ৰযোজ্য নহ'ব৷ আনকি চিনেমা হ'ল আৰু প্ৰেক্ষাগৃহত একে নিয়ম অনুসৰণ কৰিবলৈ আৰু মাস্ক পিন্ধাতো বাধ্যতামূলকভাৱে ৰূপায়ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।





    আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ





    কেৱল মহাৰাষ্ট্ৰতেই নহয়, কৰ্ণাটকা, বেংগালুৰুত কৰ’নাৰ ব্যাপক সংক্ৰমণ দেখিবলৈ পোৱা গৈছে৷ কেৱল বেংগালুৰুতে ৯২৫ টা নতুন ক'ভিড আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ২৫,৮৩৩ টা ক'ভিড আক্ৰান্ত ধৰা পৰিছে, যি এতিয়ালৈকে সৰ্বাধিক ৰূপে পৰিগণিত হৈছে।