North East
তেলেংগানা : ক'ভিড ভেকচিন দিয়াৰ পাছতে মৃত্যু আন এগৰাকী স্বাস্থ্য কৰ্মীৰ৷ দেশজুৰি চলি থকা প্ৰথম পৰ্যায়ত প্ৰদান কৰা ক'ভিড প্ৰতিষেধক লোৱাৰ পাছতে মৃত্যু হয় এগৰাকী এম্বুলেঞ্চ চালকৰ৷ জানিব পৰা মতে, তেলেংগানাৰ নিৰ্মল জিলাৰ কুন্তলা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক'ভিড প্ৰতিষেধক লৈছিল বিথ্থাল নামৰ চালকজনে৷
আৰু পঢ়িব পাৰিব : ৬ বছৰতে ২০ বছৰৰ সমান উন্নয়ন সাধিছে মোডী চৰকাৰে
জানিব পৰা মতে চালকজনে ১৯জানুৱাৰীত ভেকচিন লোৱাৰ পাছতে বুকুৰ বিষত ভোগে আৰু ২০ জানুৱাৰীৰ পুৱা চিকিৎসালয়ত মৃত্যু হয় চালকজন৷
আৰু পঢ়িব পাৰিব : অসমৰ ভূমিত মেঘালয়ৰ অবৈধ টোলগে’ট স্থাপন
মৃত্যুৰ পাছতে চালকজনৰ পৰিয়ালে ক'ভিড প্ৰতিষেধক লোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই অভিযোগ খণ্ডন কৰে আৰু এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷
Leave A Comment