Politics
Assam chief minister, Himanta Biswa Sarma, challenged his Delhi counterpart, Arvind Kejriwal, to label him corrupt when the latter is on a Guwahati tour...
চণ্ডীগড় : দেশজুৰি কংগ্ৰেছত খহনীয়া অব্যাহত আছে। শেহতীয়াকৈ আন এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। নেতৃত্বকেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে। চণ্ডীগড়ৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহানগৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী প্ৰদীপ চাব্ৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰে। চণ্ডীগড় কংগ্ৰেছৰ সৈতে চলি থকা সংঘাতৰ পাছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
কংগ্ৰেছৰ চণ্ডীগড় শাখাই চাব্ৰালৈ দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত জাননী জাৰি কৰিছিল। তাৰ পাছতে তেওঁ দলৰ প্ৰাথমিক সদস্যপদ এৰাৰ কথা ঘোষণা কৰে। টুইটযোগে তেওঁৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি চাব্ৰাই লিখিছে, ‘আজি মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলোঁ।
এজন ন্যায়নিষ্ঠ লোকে কেতিয়াও আক্ৰোশ আৰু মিছা কথাত সহ্য কৰিব নোৱাৰে। কেতিয়া আঁতৰি আহিব লাগে সেয়া জনাটো হৈছে জ্ঞান, সেই কাম কৰিব পৰাটো হৈছে সাহস আৰু শিৰ উচ্চ কৰি আঁতৰি অহাটো হৈছে সন্মান।’ উল্লেখ্য যে, কংগ্ৰেছ দলে বিগত ফেব্ৰুৱাৰী মাহত তেওঁৰ স্থানত সুভাষ চাওলাক চণ্ডীগড় কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱাইছিল।
Leave A Comment