Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
পাটনা : টিকাকৰণক লৈ দেশত অব্যাহত আছে বিতৰ্ক। প্ৰতিষেধকৰ নাটনি তথা টিকাকৰণৰ শ্লথ গতিক লৈ কেন্দ্ৰক বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰাৰ দৰে ঘটনাৰ মাজতে টিকাকৰণ অভিযানত তীব্ৰতা অনাৰ চেষ্টা কৰিছে যদিও এইবাৰ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে।
বিহাৰত এইবাৰ চলিছে টিকা দিয়াৰ নাটক। খালী চিৰিঞ্জেৰে লোকক টিকা দিয়াৰ ভিডিঅ’ই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিহাৰৰ চাপ্ৰা জিলাত এই ঘটনা সংঘটিত হৈছে। এগৰাকী নাৰ্ছে খালী চিৰিঞ্জেৰে এজন লোকক প্ৰতিষেধক প্ৰদানৰ নাটক কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, নাৰ্ছগৰাকীক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।
ম’বাইল ফোনেৰে সংগ্ৰহ কৰা ভিডিঅ’টোত দেখা গৈছে যে, নাৰ্ছগৰাকীয়ে নতুন চিৰিঞ্জ উলিয়াই তাত প্ৰতিষেধক নভৰোঁৱাকৈয়ে লোক এজনৰ টিকাকৰণ কৰে। প্ৰতিষেধক গ্ৰহণ কৰা লোকজনে এই বিষয়ে তেতিয়াহে গম পায়, যেতিয়া এই ভিডিঅ’টো প্ৰস্তুত কৰা তেওঁৰ বন্ধুৱে এই বিষয়টো তেওঁৰ দৃষ্টিগোচৰ কৰে। খালী চিৰিঞ্জেৰে তেওঁক ‘বেজী’ দিয়াৰ পাছত লোকজনে মূৰৰ বিষত ভোগা বুলি অভিযোগ কৰিছে আৰু তেওঁ দ্বিতীয় পালি টিকা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
Leave A Comment