• গুজৰাটত সহকৰ্মীৰ প্ৰেচাৰ কুকাৰৰ আঘাতত মৃত্যু অসমীয়া যুৱক

    ৰাষ্ট্ৰীয়
    গুজৰাটত সহকৰ্মীৰ প্ৰেচাৰ কুকাৰৰ আঘাতত মৃত্যু অসমীয়া যুৱক

    গুৱাহাটী : এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে গুজৰাটত । গুজৰাটত সহকৰ্মীয়ে প্ৰেচাৰ কুকাৰেৰে মৰিয়াই হত্যা কৰিলে সহকৰ্মী অসমীয়া যুৱকক৷ বাকসা জিলাৰ শিমলাৰ প্ৰাঞ্জল দাস(২৫) নামৰ যুৱক এজন কৰ্মসূত্ৰে গুজৰাটৰ এটা কোম্পানীত নিয়োজিত হৈ আছিল ।





    আৰু পঢ়িব পাৰিব :পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !





    অভিযোগ অনুসৰি, তিনিদিন পূৰ্বে সাধাৰণ কথাতে কাজিয়াৰ সূত্ৰপাত ঘটি সহকৰ্মী বাকসা জিলাৰে জালাহ অঞ্চলৰ আন এগৰাকী যুৱক হৰেকৃষ্ণ দাসে প্ৰেচাৰ কুকাৰেৰে প্ৰাঞ্জল দাসক আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰাঞ্জল দাসে চিকিৎসালয়লৈ নিয়াৰ সময়তে কৰুণ মৃত্যক আঁকোৱালি লয় ।





    আৰু পঢ়িব পাৰিব :আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন





    আনহাতে প্ৰাঞ্জলৰ মৃত্যুৰ পাছত গুজৰাটত কৰ্মৰত আন আন অসমীয়া যুৱকে প্ৰাঞ্জলৰ মৃতদেহ নিজ গৃহলৈ এম্বুলেন্সৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰে । তিনিদিনৰ মূৰত প্ৰাঞ্জলৰ মৃতদেহ শিমলাস্থিত বাসগৃহ পোৱাৰ লগে লগে এক কৰুণ পৰিবেশৰ সৃষ্টি হয় শিমলা অঞ্চলত । ইতিমধ্যে প্ৰাঞ্জলৰ পৰিয়ালে হত্যাকাৰী হৰেকৃষ্ণ দাসৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিব বুলি জনাইছে পৰিয়ালৰ লোকে ।