North East
গুৱাহাটী : বিদেশ মন্ত্ৰীৰূপে প্ৰথমবাৰলৈ আজি পুৱা কামাখ্যাত উপস্থিত হৈছে এছ জয়শংকৰ৷ লগত আছে জাপানৰ ৰাষ্ট্রদূত ছাট'শ্বি ছুজুকি৷ বিশেষ কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে এছ জয়শংকৰ৷ অসমত বৃহৎ বিনিয়োগৰ বাবে জাপান আগ্ৰহী হোৱা বুলি জানিব পৰা গৈছে৷
আৰু পঢ়িব পাৰিব : প্ৰেমৰ দিনটোতে এচিড আক্ৰমণৰ বলি ডিব্ৰুগড়ৰ যুৱতী…
বিদেশ মন্ত্ৰীগৰাকীক অসম ভ্ৰমণৰ কাৰ্যসূচীত লগ দিয়াৰ উদ্দেশ্য পুৱাই উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ 'মা কামাখ্যা' দৰ্শন কৰাই পোনে পোনে খাৰঘুলিত উপস্থিত হয় ২ নেতা৷ তেওঁলোকে জাইকাৰ বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰিছে৷
আৰু পঢ়িব পাৰিব : ‘টুলকিট’ গোচৰত বেংগালুৰুৰ ২১ বছৰীয়া জলবায়ু কৰ্মীক গ্ৰেপ্তাৰ
আনহাতে, দুয়োগৰাকী নেতাই মহানগৰীৰ তাজ হোটেলত নৈশ যাপন কৰাৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ এক আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে৷
Leave A Comment