গুৱাহাটীঃ এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি ৫টা বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি সম্পন্ন কৰাৰ মানসেৰে ডিফুত উপস্থিত হয়৷ গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ সম্পন্ন হয় ক্ৰমে KPLT, KLNLF, UPLF, PDCK আৰু KLFৰ লগত।
আৰু পঢ়িব পাৰিব : ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- অমিত শ্বাহ
প্ৰথমে নগাঁৱৰ পুৰণিগুদামৰ ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত অনুষ্ঠিত হোৱা যজ্ঞত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷ যজ্ঞ সম্পন্ন হোৱাৰ পাছতে বটদ্ৰৱালৈ গমন কৰে শ্বাহে৷ বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷
আৰু পঢ়িব পাৰিব : যুদ্ধবিৰতি : শান্ত হ’ব জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত
গৃহমন্ত্ৰীগৰাকীয়ে ডিফু ভ্ৰমণৰ বাবে যোৱাৰ পূৰ্বে অমিত শ্বাহ, সোণোৱাল, হিমন্তৰ প’ষ্টাৰৰ লগতে তুলিৰাম ৰংহাঙৰ প’ষ্টাৰে কাৰ্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথ ভৰি পৰা পৰিলক্ষিত হয়। উক্ত সমাৱেশস্থলীত ৫ লক্ষাধিক লোক উপস্থিত হোৱা দেখা যায়।
Leave A Comment