• গৌৰী লংকেশ দিৱস : ৫ ছেপ্টেম্বৰ পৰিণত হ’ব সাহসী সাংবাদিকতাৰ দিনত

    ৰাষ্ট্ৰীয়
    গৌৰী লংকেশ দিৱস : ৫ ছেপ্টেম্বৰ পৰিণত হ’ব সাহসী সাংবাদিকতাৰ দিনত

    বেংগালুৰু : গৌৰী লংকেশ। দেশৰ সাংবাদিকতাৰ জগতখনৰ এটা অবিস্মৰণীয় নাম। মুক্তকণ্ঠী গৌৰী লংকেশ বলি হৈছিল দুৰ্বৃত্তৰ জিঘাংসাৰ। গুলীয়ে বুকু বিদাৰি গ’লেও কিন্তু গৌৰী লংকেশৰ আদৰ্শক হত্যা কৰাটো সম্ভৱ নহ’ল আততায়ীৰ বাবে। সাহসী আৰু আপোচবিহীন সাংবাদিকতাৰ প্ৰতিভূ হৈ ৰ’ল গৌৰী লংকেশ। এইবাৰ এইগৰাকী গৌৰী লংকেশৰ নামত উদযাপন কৰা হ’ব এটা দিৱস। ৫ ছেপ্টেম্বৰৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰিব এখন মহানগৰে। কানাডাৰ বাৰ্নবে মহানগৰে গৌৰী লংকেশ হত্যাৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰিছে।





    গৌৰী লংকেশৰ ভগ্নী কবিতা লংকেশে এইকথা প্ৰকাশ কৰিছে। তেওঁ মহানগৰখনৰ পৰা এই দিৱস পালনৰ ঘোষণাৰ সবিশেষ লাভ কৰা বুলি সংবাদ প্ৰতিষ্ঠান পিটিআইক প্ৰকাশ কৰিছে। এই ঘোষণাৰ সবিশেষ প্ৰকাশ কৰা বাৰ্নবেৰ মেয়ৰ মাইক হাৰ্লেই প্ৰকাশ কৰে যে, গৌৰী লংকেশ আছিল এগাৰকী সাহসী ভাৰতীয় সাংবাদিক যিয়ে সত্য আৰু ন্যায়ৰ হকে ঠিয় দিছিল। অন্ধবিশ্বাস আৰু সামাজিক ব্যাধিক প্ৰত্যাহ্বান জনাইছিল আৰু দৰিদ্ৰ আৰু নিপীড়িতসকলৰ বাবে নিজৰ জীৱন উতসৰ্গা কৰিছিল। তেওঁ লগতে প্ৰকাশ কৰে যে, ২০১৭ চনত দমনৰ বিৰুদ্ধে আৰু মানৱ অধিকাৰৰ হকে যুঁজ কৰি লংকেশে নিজৰ প্ৰাণ বিসৰ্জন দিলে।





    ভাৰতীয় ঐতিহ্যৰ সৈতে সম্পৰ্কীত কানাডিয়ানসকলে তেওঁ মৃত্যুৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰিব। এগৰাকী ভাৰতীয় সাংবাদিকৰ নামেৰে অন্য এখন দেশত এটা দিৱস পালন বিশেষ তাতপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কানাডাৰ মহানগৰখনৰ এই প্ৰয়াস নিসন্দেহে সততাপূৰ্ণ আৰু নীতিনিষ্ঠ সাংবাদিকতাৰ প্ৰতি এটা উল্লেখনীয় স্বীকৃতি। এই স্বীকৃতিয়ে গৌৰী লংকেশক ঘূৰাই আনিব নোৱাৰিলেও তেওঁৰ আদৰ্শৰ প্ৰসাৰত নিশ্চয় ভূমিকা পালন কৰিব।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor