Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নতুন দিল্লী : গৰ্ভৱতী মহিলায়ো ল’ব পাৰিব কোভিড প্ৰতিষেধক। কেন্দ্ৰীয় চৰকাৰে আজি এইকথা প্ৰকাশ কৰিছে। নেচনেল টেকনিকেল এডভাইজৰী গ্ৰুপ অন ইমুনাইজেচন চমুকৈ এনটিএজিআই-ৰ পৰামৰ্শ কাৰ্যকৰী কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি সদৰি কৰে যে, গৰ্ভৱতী মহিৱালকলে কো-উইন এপৰ জৰিয়তে পঞ্জীয়ন কৰি নাইবা কোভিড টিকাকৰণ কেন্দ্ৰত থলীতে পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয় সচিব লৱ আগৰৱালাই কোভিড প্ৰতিষেধক গৰ্ভৱতী মহিলাৰ কাৰণেও নিৰাপদ বুলি এনটিএজিআই-এ প্ৰকাশ কৰা বুলি মন্তব্য কৰাৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, দেশত আজিলৈকে ৩৪কোটিকো অধিক লোকক কোভিড টিকা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
তাৎপৰ্যপূৰ্ণভাৱে, দেশত কোভিডৰ দ্বিতীয় ঢৌ এতিয়াও মাৰ যোৱা নাই বুলি মন্তব্য কৰিছে এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই। নীতি আয়োগৰ সদস্য তথা চিকিৎসা বিশেষজ্ঞ ভি কে পলে এই মন্তব্য কৰি কয় যে, যেতিয়ালৈকে সমগ্ৰ দেশ নিৰাপদ হৈ নপৰে আমি নিৰাপদ বুলি অনুভৱ কৰিব নোৱাৰোঁ। স্বাস্থ্য মন্ত্ৰণালয়ৰ এখন সংবাদমেলত ভাগ লৈ পলে জনগণক কোভিড প্ৰতিৰোধী নীতি মানি চলিবলৈ আহ্বান জনায়।
Leave A Comment