• ঘোঁৰাৰ পিঠিতো বিজেপি! গোচৰ তৰিলে মেনকা গান্ধীৰ সংস্থাই

    ৰাষ্ট্ৰীয়
    ঘোঁৰাৰ পিঠিতো বিজেপি! গোচৰ তৰিলে মেনকা গান্ধীৰ সংস্থাই

    ইন্দোৰ : ঘোঁৰাৰ গাত গেৰুৱা ৰং। শাসকীয় বিজেপি দলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মেনকা গান্ধীৰ এনজিঅ’ৱে। বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ উপলক্ষে ইন্দোৰত আয়োজিত কাৰ্যসূচীত এটা বিজেপিৰ পতাকাৰ বৰণ সনা ঘোঁৰা দৃষ্টিগোচৰ হয়।





    ঘোৰাটোৰ গাত গেৰুৱা আৰু সেউজীয়া বৰণ সনাৰ লগতে পদুমৰ চিহ্নও আঁকি দিয়া হৈছিল। এই ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে ইন্দোৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ‘পিপুল ফৰ এনিমেলছ’ নামৰ বেচৰকাৰী সংস্থাটোৰ ইন্দোৰত থকা কৰ্মীয়ে।





    ইন্দোৰৰ সংযোগিতাগঞ্জ আৰক্ষী চকীত জীৱ-জন্তৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধী আইন ১৯৬০ৰ অধীনত অভিযোগ দাখিল কৰে এনজিঅ’টোৱে।