• চিবিএছই-ৰ ঘোষণা : পঞ্জীয়ন আৰু পৰীক্ষা মাচুল ৰেহাই দিব শিক্ষাৰ্থীক !

    ৰাষ্ট্ৰীয়
    চিবিএছই-ৰ ঘোষণা : পঞ্জীয়ন আৰু পৰীক্ষা মাচুল ৰেহাই দিব শিক্ষাৰ্থীক !

    নতুন দিল্লী: ক’ভিডসৃষ্ট পৰিৱেশে ইতিমধ্যে কোঙা কৰি গৈছে বহুতকে৷ লকডাউনৰ কৱলত বিশেষকৈ ভাঙি পৰিল আৰ্থিক দিশটো৷ বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে যদিও দিয়া হৈছে বিশেষ নীতি-নিৰ্দেশনা৷ এই সময়তে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)-এ ঘোষণা কৰিছে এক ব্যৱস্থা৷






    ক’ভিডত নিজ পিতৃ-মাতৃক হেৰুওৱা শিক্ষাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল আৰু পৰীক্ষা মাচুল ৰেহাই দিব বুলি এক বিবৃতিযোগে সদৰী কৰে চিবিএছই-এ। এই বিবৃতিত জনোৱা মতে মতে, “ক’ভিডে সমগ্ৰ দেশতে ভয়ানক প্ৰভাৱ বিস্তাৰ কৰিলে আৰু শিক্ষাৰ্থীৰ ওপৰত ক’ভিডৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিভাৱকক কৰ’নাত হেৰুৱাইছে তেওঁলোকৰ বাবে ২০২১-২২ শিক্ষাবৰ্ষৰ সকলো মাচুল ৰেহাই দিব।”






    এই মাচুল ৰেহাইৰ যোগেদি শিক্ষাবৰ্ষ ২০২১-২২ৰ বাবে শিক্ষাৰ্থীসকলৰ শিক্ষালাভৰ স্বাৰ্থত বিশেষভাৱে সহায় হ’ব বুলি উল্লেখ কৰে চিবিএছই ব’ৰ্ড-এ।