• চৰম বিত্তীয় সংকট! ভাৰাঘৰলৈ পৰ্যবসিত পাক-প্ৰধানমন্ত্ৰীৰ বাসগৃহ

    ৰাষ্ট্ৰীয়
    চৰম বিত্তীয় সংকট! ভাৰাঘৰলৈ পৰ্যবসিত পাক-প্ৰধানমন্ত্ৰীৰ বাসগৃহ

    ইছলামাবাদঃ চৰম বিত্তীয় সংকটত পাকিস্তান! বিত্তীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ গৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ পাকিস্তান চৰকাৰৰ। ভাৰাত দিয়া হৈছে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বাসগৃহ। ইছলামাবাদত প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহ ভাৰাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তান প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ বাসভৱনক এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল।





    সিদ্ধান্তটো ২০১৯ চনৰ আগষ্টত লোৱা হৈছিল। তেতিয়াই ইমৰান খানে এখন শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে চৰকাৰী বাসভৱন ত্যাগ কৰিছিল। কিন্তু সেই প্ৰস্তাৱ এতিয়া অতীত। সম্প্ৰতি, প্ৰশাসনে বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ সেই বাসস্থানটো ভাৰাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানী চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইছলামাবাদৰ ৰেড জ’নত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহ এতিয়াৰে পৰা সাংস্কৃতিক, ফেশ্বন, শিক্ষা আৰু অন্যান্য অনুষ্ঠানৰ বাবে ভাৰাত দিয়া হ'ব। এই সন্দৰ্ভত দুখনকৈ সমিতি গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ভাৰাৰপৰা প্ৰাপ্ত ধনসংগ্ৰহ কৰাটো কেনেকৈ সম্ভৱ, সেই বিষয়ে কেবিনেটৰ বৈঠকত আলোচনা কৰা হ'ব বুলিও জানিবলৈ পোৱা গৈছে।





    আন্তৰ্জাতিক মানৰ আলোচনা-চক্ৰৰ বাবেও গৃহনিৰ্মাণৰ ব্যৱস্থা হাতত হোৱা হৈছে। পাক-প্ৰধানমন্ত্ৰীয়ে পূৰ্বে একাধিকবাৰ সদৰী কৰিছিল যে, চৰকাৰী কোষাগাৰত ৰাজহুৱা কল্যাণমূলক আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাই। প্ৰশাসনৰ সিদ্ধান্তটো চৰকাৰী কোষাগাৰৰ বিত্তীয় পৰিমাণ পূৰণৰ লক্ষ্যৰে লোৱা বুলি ধাৰণা কৰা হৈছে। ইমৰান খানে দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহ ব্যৱহাৰ কৰা নাই। সম্প্ৰতি তেওঁ বানীগালাৰ বাসগৃহত বাস কৰে।