• চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘুক OBC মৰ্যাদা দিয়াৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ আব্দুল খালেকৰ, কি সঁহাৰ

    ৰাষ্ট্ৰীয়
    চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘুক OBC মৰ্যাদা দিয়াৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ আব্দুল খালেকৰ, কি সঁহাৰ

    ডিজিটেল ডেস্কঃ নদীমাতৃক দেশ অসমৰ চৰ-চাপৰি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকৰ এক দীৰ্ঘদিনীয়া দাবী অ'বিচি মৰ্যাদা দিয়াৰ। অসমৰ প্ৰায় ৪.৬% এলেকাজুৰি বিস্তৃত হৈ থকা চৰাঞ্চলৰ লোকে বিভিন্ন সময়ত তেওঁলোকৰ দাবী উত্থাপনেৰে প্ৰতিবাদ কৰি আহিছে।





    এইবাৰ সাংসদ আব্দুল খালেকে বিষয়টো দৃষ্টিগোচৰ কৰাইছে কেন্দ্ৰক। কংগ্ৰেছী সাংসদগৰাকীয়ে ৰাজ্যৰ চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘুক OBC মৰ্যাদা দিয়াৰ দাবীৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰলৈ এক পত্ৰ প্ৰেৰণ কৰে। চৰাঞ্চলৰ বাসিন্দাসকল সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে বুলি তেওঁ পত্ৰখনত উল্লেখ কৰে। লগতে সাংসদগৰাকীয়ে চৰাঞ্চলৰ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰটো সুবিধা তেনেই নগন্য বুলি ব্যক্ত কৰে। সাংসদ খালেকৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আন এখন পত্ৰ প্ৰেৰণ কৰে। দাবী সম্বলিত খালেকৰ পত্ৰখনৰ বিষয়টো বিভাগীয় বিষয়ববীয়াৰ নিৰীক্ষণত থকা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।