গোৱালপাৰা : ছত্তিশগড়ত বিজাপুৰৰ সংঘৰ্ষত ছহিদ অসমৰ বীৰ জোৱান৷ মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা জোৱানজন হৈছে গোৱালপাৰাৰ দুধনৈৰ পাতপাৰাৰ বাবলু ৰাভা৷ চিআৰপিএফৰ কোব্ৰা ৰেজিমেণ্টৰ জোৱান আছিল ৰাভা৷ উল্লেখ্য যে, ছত্তিশগড়ৰ বিজাপুৰ জিলাত শনিবাৰে সংঘটিত হৈছিল এই ভয়াৱহ সংঘৰ্ষ।
আৰু পঢ়িব পাৰিব :দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য
এজন দুধ্বৰ্ষ মাওবাদী নেতাৰ উপস্থিতিৰ তথ্যৰ পম খেদি অভিযান চলাইছিল নিৰাপত্তাবাহিনীয়ে। ইপিনে প্ৰথম অৱস্থাত মাওবাদীৰ আক্ৰমণত ৮জন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হৈছিল আৰু আন ১৮জন সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছিল৷ কিন্তু বৰ্তমানৰ খবৰ অনুসৰি, নিহত জোৱানৰ সংখ্যা ২৩লৈ বৃদ্ধি।
আৰু পঢ়িব পাৰিব :ছাত্ৰী নিৰ্যাতন : ৫ দিনৰ অন্তত এজাহাৰ দাখিল আইআইটি কৰ্তৃপক্ষৰ
ইপিনে ছহিদ বাবলু ৰাভাৰ খবৰে কান্দোনত ভাঙি পৰিছে মাতৃ-পত্নী, একমাত্ৰ কন্যা৷ বীৰ জোৱানজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷
Leave A Comment