• ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া

    ৰাষ্ট্ৰীয়
    ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া

    মুজাফ্ফৰনগৰ : গোড়ামিৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি ছোৱালীৰ বিৰু্দ্ধে তালিবানী ফটোৱা জাৰি কৰা হৈছে এইখন দেশতে। সাজ-পোছাকক লৈ জাৰি কৰা হৈছে এই ফটোৱা। ইয়াক অমান্য কৰিলে ভুগিব লাগিব কঠোৰ শাস্তি। এই নিয়ম অনুসৰি ছোৱালীয়ে পিন্ধিব নোৱাৰিব পেণ্ট আৰু স্কাৰ্ট। ল’ৰায়ো হাফ পেণ্ট পিন্ধিব নোৱাৰিব। অন্যথা তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব। আচৰিত আৰু আচহুৱা যেন লাগিলেও এই নিৰ্দেশকে জাৰি কৰিলে উত্তৰপ্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন পঞ্চায়তে।





    আৰু পঢ়িব পাৰিব :নতুন ভূমিকাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ





    মুজাফ্ফৰনগৰৰ পিপালশ্বাহ গাঁৱত মঙলবাৰে অনুষ্ঠিত এই পঞ্চায়তত সিদ্ধান্ত লোৱা হয় যে, নিয়ম নামানা লোক সমাজচ্যুত হ’ব লাগিব। ‘এয়া আমাৰ সংস্কৃতি নহয়। ছোৱালীয়ে জিনছ আৰু স্কাৰ্ট পিন্ধা উচিত নহয় আৰু পুৰুষেও উপযুক্ত কাপোৰ পিন্ধিব লাগিব। তেওঁলোকে সঠিকভাৱে সাজ-পোছাক পৰিধান নকৰিলে তেওঁলোকক কৰা হ’ব এঘৰীয়া।’





    আৰু পঢ়িব পাৰিব :আৰক্ষী-চিকিৎসকৰ কৃপাত ৰাজ্যত ব্ৰইলাৰ, গাহৰিৰ বৃহৎ ছিণ্ডিকেট





    ভাৰতীয় কিষাণ সংগঠন (বিকেএছ)ৰ সভাপতি ঠাকুৰ পূৰণ সিঙে এই মন্তব্য কৰে। স্কুলীয়া শিক্ষাৰ্থীক এই নিয়মৰ পৰা ৰেহাই দিয়া বুলি প্ৰকাশ কৰিলেও আঁঠুৰ ওপৰত উঠা কাপোৰ পিন্ধাটো ভাল নহয় বুলিও তেওঁ মন্তব্য কৰে। পঞ্চায়তখনৰ এই সিদ্ধান্ত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু ইয়াকে লৈ তুমুল প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।