• জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

    ৰাষ্ট্ৰীয়
    জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

    নৱী মুম্বাই : দেশত নাৰী নিৰ্যাতন তথা বলাৎকাৰৰ ঘটনাই প্ৰায় প্ৰতিদিনেই সূচনা কৰিছে কলংকিত অধ্যায়ৰ। শেহতীয়াকৈ আন এক চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে। এইবাৰ এগৰাকী ৯০ বছৰীয়া বৃদ্ধাক এজন শ্ৰমিকে বলাৎকাৰ কৰা বুলি দাখিল কৰা হৈছে অভিযোগ। ৰত্নগিৰিৰ ডাপোলিত এই ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে মহিলাগৰাকীৰ বোৱাৰীয়েকে আৰক্ষীৰ ওচৰত এই সম্পৰ্কত অভিযোগ দাখিল কৰে।

    আৰু পঢ়িব পাৰিব : ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে কেপ্তেইন জয়াৰ বিমানে

    মহিলাগৰাকীৰ বিগত বৰ্ষৰ ১৯ ডিচেম্বৰত ছোহাম ভিল নামৰ এজন ৩৩বছৰীয়া লোকে বলাৎকাৰ কৰিছিল। কিন্তু নিৰ্যাতিতা বয়োজ্যেষ্ঠা মহিলাগৰাকীয়ে এই ঘটনাৰ বিষয়ে কাৰো আগতে ইমানদিনে প্ৰকাশ কৰা নাছিল। ডাপোলি আৰক্ষীৰ সহকাৰী পৰিদৰ্শক পূজা হিৰেমাথে প্ৰকাশ কৰে যে, ‘নব্বৈ ঊৰ্ধৰ মহিলাগৰাকীয়ে ডাপোলিৰ হাতিপ গাঁৱত অকলে বসবাস কৰিছিল। তেওঁৰ পুত্ৰ আৰু বোৱাৰী মুম্বাইৰ বাসিন্দা।

    আৰু পঢ়িব পাৰিব : দৈদাম চাহ বাগিচাত হত্যাকাণ্ড !পত্নীসহ ৩বছৰীয়া কন্যাক হত্যা

    এই ঘটনা সংঘটিত হোৱাৰ পাছত অভিযুক্তই তেওঁৰ অধিক ক্ষতি কৰিব পাৰে বুলি আশংকা কৰি বহুদিনলৈ কাকো একো অৱগত কৰা নাছিল।’ পিছত তেওঁ অসুস্থ হৈ পৰাত একেখন গাঁৱতে থকা আত্মীয়ৰ ঘৰত তেওঁ আশ্ৰয় লয় আৰু এগৰাকী আত্মীয়ক এই বিষয়ে অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।