National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লী : জম্মু-কাশ্মীৰ আৰু লাডাখ হ’লগৈ পৃথক ৰাষ্ট্ৰ! আন এক নতুন বিতৰ্কই জোকাৰি গৈছে দেশৰ ইণ্টাৰেনট জগত। এখন ত্ৰুটিপূৰ্ণ মানচিত্ৰ প্ৰকাশ কৰি পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে টুইটাৰে। এনে ত্ৰুটিৰ বাবে এতিয়া টুইটাৰৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
আৰু পঢ়িব পাৰিব : ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ
টুইটাৰৰ ‘টুইপ লাইফ’ শিতানত এই ত্ৰুটিপূৰ্ণ মানচিত্ৰখন প্ৰকাশ পাইছিল। য’ত জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ বাহিৰত হিচাপে দেখুওৱা হৈছে। এই মানচিত্ৰখনৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে ভালেমান টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আৰু পঢ়িব পাৰিব : অগ্নি-পি : প্ৰতিৰক্ষা খণ্ডত আৰু এখোজ আগুৱালে ভাৰত
এই কাৰ্যৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। চৰকাৰ আৰু টুইটাৰৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ এই ঘটনাই বিতৰ্কক অধিক উদগনি দিছে।
Leave A Comment