• জলমগ্ন পথৰ ওপৰতে ৰাকেশ টিকাইট : কৃষক আন্দোলনৰ অনমনীয় ৰূপ

    ৰাষ্ট্ৰীয়
    জলমগ্ন পথৰ ওপৰতে ৰাকেশ টিকাইট : কৃষক আন্দোলনৰ অনমনীয় ৰূপ

    নতুন দিল্লী : ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰৰ সংসদৰ দ্বাৰা গৃহীত হোৱা ৩খন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন সামান্য পৰিমাণেও স্তিমিত হোৱা নাই। ক্ষুব্ধ কৃষকসকলে আৰম্ভণিৰ পৰা উত্থাপন কৰা দাবীসমূহক লৈ আজিও অটল হৈ ৰৈছে। বৰ্তমান দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কেন্দ্ৰৰ বিতৰ্কিত তিনিখন কৃষি আইনত সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰি ৰাখিছে। দেশৰ কৃষকসকলে গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে কৃষি আইনকেইখনক বাতিল কৰিবলৈ বিভিন্ন কৌশল অৱলম্বনেৰে বৰ্তমানেও প্ৰতিবাদ অব্যাহত ৰাখিছে।






    শনিবাৰে ৰাজধানী চহৰ দিল্লীত মুষলধাৰ বৰষুণৰ বাবে স্তদ্ধ হৈ পৰিছিল সাধাৰণ জনজীৱন। ৰাজধানী চহৰখনত হোৱা বৰষুণে বিগত ৪৬ বছৰত হোৱা বৰষুণৰ সৰ্বাধিক মাত্ৰা অতিক্ৰম কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে চহৰখনত 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছিল। তেনে পৰিপ্ৰক্ষিততো দিল্লীত চলি থকা বিভিন্ন কৃষক সংগঠনৰ আন্দোলন সামান্য পৰিমাণেও স্তব্ধ নহ'ল। শনিবাৰে দিল্লীত ধাৰাষাৰ বৰষুণৰ মাজতো ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে সমৰ্থকসকলৰ সৈতে দিল্লী- উত্তৰ প্ৰদেশৰ সীমান্তৰ গাজীপুৰৰ এখন উৰণীয়া সেতু ওপৰত পানীৰ মাজতে প্ৰতিবাদ কৰি থকা দেখা পোৱা গ’ল। টিকাইটে কয় যে, কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি কৃষকসকলে ভয় নাখায় আৰু চৰকাৰে তিনিখন বিতৰ্কিত আইন প্ৰত্যাহাৰ নকৰালৈকে কৃষক আন্দোলন সমাপ্ত নহ'ব।
    ইফালে প্ৰতিবাদকাৰীসকলেও তীব্ৰ বৰষুণৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত সীমান্ত অঞ্চলত প্ৰতিবাদকাৰীসকলে স্থাপন কৰা তম্বুসমূহত বৰষুণৰ পানী ভৰি পৰিছে আৰু তাত প্ৰতিবাদকাৰীসকল অৱস্থান কৰিবৰ বাবেও বৰ্তমান উপযোগী হৈ থকা নাই। তাৰ মাজতো প্ৰতিবাদ অব্যাহত থকাটোৱে কৃষক আন্দোলনৰ তীব্ৰতাকে প্ৰতিফলিত কৰিছে।