• জুইৰ কৱলত ফ্লেট, সহায়ৰ বাবে কাতৰভাৱে চিঞৰি চিঞৰি জীৱন্তে অগ্নিদগ্ধ হ’ল মাতৃ-কন্যা

    ৰাষ্ট্ৰীয়
    জুইৰ কৱলত ফ্লেট, সহায়ৰ বাবে কাতৰভাৱে চিঞৰি চিঞৰি জীৱন্তে অগ্নিদগ্ধ হ’ল মাতৃ-কন্যা

    ডিজিটেল ডেস্ক : মৃত্যু সদায়েই বেদনাদায়ক। কিন্তু কিছুমান মৃত্যু অসহনীয় এক ৰূপ লৈ ধৰা দিয়ে। মৃত্যুৰ একে নিষ্ঠুৰ ৰূপ দেখাটো যিকোনো লোকৰ বাবেই হৈ পৰে দুৰ্ভাগ্যৰ এক নামান্তৰ। এনে এক অসহনীয় মৃত্যুৰ দৃশ্যৰ সাক্ষী হ’বলগীয়া হ’ল বেংগালুৰুৰ বাসিন্দা। চকুৰ সন্মুখতে অবৰ্ণনীয় দহনত ছটফটাই জ্বলি নিঃশেষ হ’ল দুই মাতৃ-কন্যা। তেওঁলোকৰ অসহায় ছটফটনি দেখিও কোনেও একো সহায় কৰিব নোৱাৰিলে আৰু চকুৰ সন্মুখতে তেওঁলোক অগ্নিদগ্ধ হৈ পৰিল।

    মঙলবাৰে সংঘটিত হোৱা এই ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে বেংগালুৰুৰ দেবাৰাচিক্কানাহাল্লিৰ বানেৰগাট্টা ৰোডত থকা এটা আবাসিক ভৱনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ভৱনটোৰ তিনিটাকৈ ফ্লেটত জুয়ে আগুৰি ধৰে। তাৰে এটা ফ্লেটত আবদ্ধ হৈ পৰে এগৰাকী ৬০বছৰীয়া মহিলা আৰু তেওঁৰ ৮২বছৰীয়া মাতৃ। মহিলাগৰাকীয়ে বেলকনিলৈ ওলাই আহি সহায় বিচাৰি চিঞৰ-বাখৰ কৰি থকাৰ মাজতে তেওঁক জুয়ে আগুৰি ধৰে।

    তেওঁৰ লগতে তেওঁৰ মাতৃৰো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। কোনো লোকে শ্বুট কৰা ভাইৰেল হৈ পৰা এই ৯০ ছেকেণ্ডৰ ভিডিঅ’টোত মহিলাগৰাকীৰ ভীত-সন্ত্ৰস্ত আৰু অসহায় ৰূপটোৱে সকলোৰে বাকৰুদ্ধ কৰি তুলিছে। জানিবপৰা মতে বিয়লি ৪.৪০ মিনিটত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও মহিলাগৰাকীৰ এই মৰ্মান্তিক ভিডিঅ’টোত তেওঁৰ কাষত সহায়ৰ বাবে কাকো দেখা পোৱা হোৱা নাই। এই ঘটনাত আ ৫জন লোক আহত হৈছে আৰু তাৰে একাধিকৰ অৱ্স্থা সংকটজনক বুলি প্ৰকাশ পাইছে।