• টিনা দাবী-অথৰ খানক মনত আছেনে, কিয় আকৌ চৰ্চাত আইএএছ দম্পতী!

    ৰাষ্ট্ৰীয়
    টিনা দাবী-অথৰ খানক মনত আছেনে, কিয় আকৌ চৰ্চাত আইএএছ দম্পতী!

    নতুন দিল্লী : দুয়োৰে বিয়াক লৈ দেশজুৰি চৰ্চা চলিছিল। দখল কৰিছিল সংবাদ শিৰোনাম। দেশৰ অসমৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল দুয়ো। টিনা দাবী আৰু অথৰ আমিৰ খান নামৰ দেশৰ অসামৰিক সেৱাৰ শীৰ্ষ বিষয়া দুগৰাকীৰ চলচ্চিত্ৰৰ কাহিনীৰ দৰে প্ৰেম আৰু বিবাহৰ কথাই লাভ কৰা চৰ্চাৰ কথা নিশ্চয় বহুতৰে মনত আছে। ২০১৮ চনত দুয়োৰে বিয়া হৈছিল আৰু দেশৰ বহু শীৰ্ষ ৰাজনীতিকেও অংশ লৈছিল। কিন্তু এই চেলিব্ৰিটি দম্পতীয়ে এতিয়া বিবাহ বিচ্ছেদ ঘটালে।





    যিমান ধুমধামকৈ বিয়া পাতিছিল সমানেই সংগোপনে তেওঁলোকে যতি পেলালে বৈবাহিক জীৱনৰ। জয়পুৰৰ এখন ফেমিলি কোৰ্টে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়। উমৈহতীয়া সন্মতিৰে তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। উল্লেখ্য যে, ২০১৫ চনৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত টিনা দাবীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছিল। অথৰ খানে লাভ কৰিছিল দ্বিতীয় স্থান। তাৰ পাছতে চলচ্চিত্ৰীয় ৰোমাঞ্চকৰ কাহিনীৰ দৰেই তেওঁলোকৰ প্ৰেমৰ সূত্ৰপাত আৰু ২০১৮চনত বিবাহ। কিন্তু দেশৰ অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি দুগৰাকীয়ে বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদৰ আৱেদন জনায়। ৰাজস্থান কেডাৰৰ বিষয়া দুগৰাকীৰ এই বিচ্ছেদে পুনৰ এবাৰ গুণগুণনিৰ সৃষ্টি কৰিছে।





    সম্প্ৰতি ৰাজস্থানৰ জয়পুৰত টিনা দাবী কৰ্মৰত হৈ থকাৰ বিপৰীতে অথৰ খানে জম্মুত সেৱা আগবঢ়াই আছে। উল্লখ্য যে, নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী টিনা দাবীয়ে প্ৰথমগৰাকী দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। প্ৰশিক্ষণৰ কালছোৱাত তেওঁ কাশ্মীৰৰ অনন্তনাগৰ অথৰ খানৰ সংস্পৰ্শলৈ আহে। তাৰ পাছৰ ছোৱা কাহিনী সকলোৰে বাবে ৰোমাঞ্চৰ বিষয় হৈ পৰিছিল যদিও এতিয়া তাৰ অন্ত পৰিল অতি সংগোপনে।