Regional
নতুন দিল্লী : জম্মু-কাশ্মীৰৰ দেওবাৰে হোৱা ড্ৰোন আক্ৰমণক লৈ চাঞ্চল্য অব্যাহত আছে। কেইবাখনো ড্ৰোন ভাৰতৰ সামৰিক ঘাটীৰ কাষে-পাঁজৰে দৃষ্টিগোচৰ হোৱাৰ পাছতে অতি সতৰ্ক হৈ পৰিছে ভাৰতীয় সেনা। ভাৰতৰ বায়ুসেনা ঘাটীত আক্ৰমণ চলোৱা হৈছিল ড্ৰোনেৰে।
এই ঘটনাৰ আঁৰত পাকিস্তানৰ হাত থকাৰ কথা সজোৰে দাবী কৰিছে ভাৰতীয় সেনাই। লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেই এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এই ঘটনাৰ আঁৰত ‘ষ্টেট ছাপ’ৰ্ট’ অৰ্থাৎ কোনো দেশৰ সমৰ্থন থকাৰ লগতে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ঈ-মহম্মদ আৰু লস্কৰ-ই-তৈবা জড়িত আছে।
শ্ৰীনগৰৰ ১৫ ক্ৰ’পছৰ ক্ৰ’পছ কমাণ্ডাৰগৰাকীয়ে কয়, ড্ৰোনৰ দৰে আহিলা তথা ইয়াৰ উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰক লৈ আমি উদ্বিগ্ন। ড্ৰোন আৰু ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ দৰে কাৰ্য কোনো ৰাষ্ট্ৰ সমৰ্থিত কাৰ্য। ড্ৰোন ৰাস্তাৰ কাষত বিক্ৰী নহয় বা ইয়াৰ নিৰ্মাণো নহয় বুলি প্ৰকাশ কৰি তেওঁ কয়, এনে প্ৰযুক্তিৰ ব্যৱহাৰে ৰাষ্ট্ৰৰ দৰে বৃহৎ শক্তিৰ সমৰ্থন তথা অংশগ্ৰহণ থকাটো নিশ্চিত কৰে।
Leave A Comment