North East
আগ্ৰা : তাজমহলত বোমাৰ আতংক! তাজমহলত বোমা বিস্ফোৰণ হ’ব বুলি আৰক্ষীলৈ আহিল ফোন। এই ফোনকলৰ পাছতে আতংকৰ সৃষ্টি হ’ল ঐতিহাসিক কীৰ্তিচিহ্নটোত। বন্ধ হৈ পৰিল দুৱাৰ। আঁতৰাই নিয়া হ’ল পৰ্যটককক। ঘটনাৰ বিৱৰণী মতে, উত্তৰপ্ৰদেশ আৰক্ষীয়ে তাজমহলত বোমা থকা বুলি লাভ কৰি এটা ভুৱা ফোনকল লাভ কৰিছিল।
আৰু পঢ়িব পাৰিব : দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ
আজি পুৱা লাভ কৰা ফোন কলৰ পাছতে নিৰাপত্তাজনিত কাৰণত বিশ্ববিখ্যাত পৰ্যটন কেন্দ্ৰটো সাময়িকভাৱে বন্ধ কৰি দিয়ে। তাজমহলত সেই সময়ত থকা পৰ্যটকসকলকো আঁতৰাই নিয়া হয়। আৰক্ষীৰ হেল্পলাইন নম্বৰলৈ বোমাৰ এই ভুৱা খবৰ আহিছিল আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে লগে লগে চিআইএছএফক এই বিষয়ে অৱগত কৰে।
আৰু পঢ়িব পাৰিব : বাছত উদ্ধাৰ দুটা পিষ্টলসহ ১৩ জাই সজীৱ গুলী : ৪জনক গ্ৰেপ্তাৰ…
কেন্দ্ৰীয় সংস্থাটোৱে তাৎক্ষণিকভাৱে পৰ্যটকসকলক তাৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ দিয়ে আৰু তালাচী চলোৱাৰ বাবে তাজমহল কিছুসময় বন্ধ হৈ পৰে। নিৰাপত্তাবাহিনীয়ে তন্ন তন্নকৈ ঐতিহাসিক কীৰ্তিচিহ্নটো পৰীক্ষা কৰাৰ পাছত বোমা থকাৰ খবৰ ভুৱা বুলি নিশ্চিত হয়। দিনৰ ১১বজাৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় তাজমহলৰ দুৱাৰ।
Leave A Comment