International
চেন্নাই : কৰ'নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাৰ বাবে তামিলনাডু চৰকাৰে বৃদ্ধি কৰিছে লকডাউন৷ ১৯ জুলাইলৈ বৃদ্ধি হোৱা লকডাউনত অৱশ্যে কিছু কিছু ক্ষেত্ৰত শিথিলতা আনিছে৷ ৰেস্তোৰাঁ, হোটেল, চাহ দোকান, পদপথৰ সৰু দোকান-পোহাৰসমূহ নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব যদিও ৫০শতাংশ লোকৰহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷
তদুপৰি, এই স্থানসমূহত ক’ভিড নীতি-নিৰ্দেশনা মানি চলি ছেনিটাইজ কৰি সামাজিক দূৰত্ব মানি চলিব লাগিব৷ লগতে এয়াৰ কণ্ডিচন কোঠাসমূহৰ দুৱাৰ খিৰিকী খুলি ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি, কোনো বিবাহ কাৰ্যসূচীত কেৱল ৫০জন লোকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু মৃতকৰ সৎকাৰত কেৱল ২০জন লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷
শিক্ষানুষ্ঠান, বাৰ, থিয়েটাৰ, ছুইমিং পুল, আৰু চিৰিয়াখানা বন্ধ থকাৰ লগতে সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰ্যসূচীও বন্ধ থাকিব বুলি ঘোষণা৷ ৰাজ্যখনত আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ থাকিব৷
Leave A Comment