• তালিবানীৰ দপদপনি অব্যাহত, সাংবাদিকক আক্ৰমণ

    ৰাষ্ট্ৰীয়
    তালিবানীৰ দপদপনি অব্যাহত, সাংবাদিকক আক্ৰমণ

    কাবুলঃ তালিবানী আগ্ৰাসনে আতংকিত কৰি তুলিছে আফগান নাগৰিকক। দিনক দিনে বৃদ্ধি পাইছে তালিবানৰ আস্ফালন৷ নৃশংস উপদ্ৰৱৰ বাবে দেশ এৰি বিদেশলৈ পলায়ন কৰিছে একাংশ আফগান নাগৰিকে। শেহতীয়াকৈ আমেৰিকান সৈন্যও আফগানিস্তান ত্যাগ কৰাৰ পাছত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে তালিবানী নেতৃত্ব। এনে পৰিস্থিতিত পোহৰলৈ আহিছে এক স্পৰ্শকাকতৰ খবৰ। সাধাৰণ নাগৰিকক ব্যতিবস্ত কৰাৰ উপৰি সংবাদ মাধ্যমৰ কাৰ্যলয়তো প্ৰৱেশ কৰিছে তালিবানে৷ ভয়-শংকাৰ মাজতে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে সাংবাদিকে






    বিগত সময়ছোৱাত তালিবানে বহুকেইজন সাংবাদিকক হত্যা কৰা বুলিও প্ৰকাশ পাইছিল৷ মৰ্মান্তিক সেই ভিডিঅ’সমূহ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হাতত মাৰণাস্ত্ৰ লৈ তেওঁলোকৰ সপক্ষে বাতৰি পৰিৱেশনৰ নিৰ্দেশ তালিবানৰ৷ তালিবান বিৰোধী বাতৰিৰ বিপৰীতে সপক্ষে কথা ক’বলৈ বাধ্য কৰাইছে সাংবাদিকক। এনে স্পৰ্শকাতৰ দৃশ্যই স্বাভাৱিকতে সংবাদ মাধ্যমৰ স্বাধীনতাত আঘাত হানিছে। দেশখনৰ এই অশান্তজৰ্জৰ পৰিস্থিতিৰ সাম কটালৈ কিমান দিন অপেক্ষা কৰিব লাগে, সেয়াহে হ’ব লক্ষ্যণীয়!