National
নতুন দিল্লীঃ তালিবানে পঞ্জশীৰ দখল কৰাৰ কথা ঘোষণা কৰাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। আবেলি প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকখনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও অংশগ্ৰহণ কৰে। সোমবাৰে বৈঠকখনত আফগানিস্তানৰ সমকালীন পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰা হয়। অৱশ্যে, আফগানিস্তানৰ কি বিষয়ক লৈ আলোচনা কৰা হৈছে, সেয়া এতিয়াও জানিবলৈ পোৱা নাই।
আফগানিস্তানৰ পৰিস্থিতিৰ লগতে বৈঠকত অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোকপাত কৰা হয় বুলি জানিব পৰা গৈছে। বিগত সপ্তাহতো আফগানিস্তানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি বৈঠকৰ আয়োজন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উক্ত বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু এন এছ এৰ অজিত ডোভালো উপস্থিত আছিল।
ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতিও গঠন কৰিছে। সমিতিখনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ সমিতিখনত ভাৰতবিৰোধী কাৰ্য-কলাপৰ বাবে আফগানিস্তানৰ মাটি যাতে ব্যৱহাৰ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। সমিতিখনে আফগানিস্তানৰ প্ৰতি বিশ্বৰ আন দেশসমূহৰ মনোভাৱো নিৰীক্ষণ কৰিব বুলি প্ৰকাশ পাইছে।
Leave A Comment