Regional
ডিজিটেল ডেস্ক: “আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ বাবে খাৰুৱা তেলৰ যোগান হ্ৰাস পাইছে। ফলস্বৰূপে এল পি জি, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ঘটিছে। এই মূল্যবৃদ্ধিৰ কাৰণ বুজিব পৰাকৈ আমাৰ ভোটাৰসকল যথেষ্ট পৰিপক্ক “। এই মন্তব্য কোনো এলা পেচা মানুহৰ নহয়। এই মন্তব্য আগবঢ়াইছে হুবলি-ধাৰৱাড পশ্চিম সমষ্টিৰ বিজেপি বিধায়ক অৰবিন্দ বেলাডেয়ে।
পিছে বেলাডেৰ এই বক্তব্য কিমান বিশ্বাসযোগ্য। সঁচাকৈয়ে ইন্ধনজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সৈতে তালিবান আগ্ৰাসনৰ কিবা সম্পৰ্ক আছে নেকি? সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ তথ্য অনুসৰি ভাৰতে ২০২১ চনৰ জুলাই মাহলৈকে খনিজ তেল ক্ৰয় কৰিছে মূলত: ছয়খন দেশৰ পৰা। দেশ কেইখন হ’ল- - ইৰাক, চৌদি আৰব, ইউ এ ই, নাইজেৰিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। তেনেক্ষেত্ৰত আফগানিস্তানত তালিবানী অভ্যুত্থানৰ ভাৰতত পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধিত কি অৰিহণা থাকিব পাৰে?
সাধাৰণ মানুহৰ মগজুৱে নিশ্চয়কৈ বিজেপি বিধায়কৰ দাবীৰ দেশৰ বাস্তৱৰ সৈতে কোনো সংযোগসূত্ৰ আৱিস্কাৰ কৰিব নোৱাৰিব। তথাপি এনে ধৰণৰ মন্তব্যৰ জৰিয়তে শাসনাধিস্থিত দলটোৰ একাংশ নেতাই যে সাধাৰণ জনতাক আভুৱা ভাঁৰিব বিচাৰি আছে আৰু কোনো এক বিন্দুত মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত নিজৰ অপাৰগতাক স্বীকাৰ কৰি লৈছে তাৰে ইংগিত দিয়ে।
Leave A Comment