• তালিবানৰ উত্থানে বিপদ মাতিব ভাৰতলৈ! আফগান কূটনীতিকৰ বিস্ফোৰক তথ্য

    ৰাষ্ট্ৰীয়
    তালিবানৰ উত্থানে বিপদ মাতিব ভাৰতলৈ! আফগান কূটনীতিকৰ বিস্ফোৰক তথ্য

    ইছলামাবাদ : আফগান ভূমিত পুনৰ তালিবানৰ উত্থানে সমগ্ৰ বিশ্বতে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ ক্ষমতা দখলে বিশ্বত সন্ত্ৰাসবাদৰ আন এটা ৰক্তাক্ত অধ্যায়ৰ সূত্ৰপাত ঘটাব বুলি আশংকা কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে। চীন আৰু পাকিস্তানৰ মদদপুষ্ট তালিবান আটাইতকৈ শংকাৰ কাৰণ হৈ পৰিব পাৰে ভাৰতৰ বাবে। এই আশংকাক এইবাৰ অধিক গাঢ় কৰি তুলিছে এগৰাকী প্ৰাক্তন আফগান কূটনীবিদৰ মন্তব্যই। ভাৰতৰ ওচৰত প্ৰত্যাহ্বান সৃষ্টিৰ বাবেই পাকিস্তানে তালিবানৰ জন্ম দিছিল বুলি দাবী কৰিছে আফগান কূচনীতিক মহম্মদ ছাইকালে।





    ইয়াৰ বাবে তেওঁ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ মন্তব্যৰ প্ৰসংগ উত্থাপন কৰে। আফগানিস্তানৰ প্ৰাক্তন উপ বৈদেশিক মন্ত্ৰী তথা ৰাষ্ট্ৰসংঘ আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত ছাইকালে শনিবাৰে টুইটযোগে এই বিস্ফোৰক তথ্য সদৰি কৰে। তেওঁ টুইটযোগে সদৰি কৰে যে, ‘পাৰভেজ মুছাৰফৰ মতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰাৰ বাবে তালিবানৰ জন্ম দিছিল।’





    তেওঁ ‘দ্য ছান ইন দি স্কাই’ নামৰ এখন গৱেষণাপত্ৰৰ প্ৰসংগও উল্লেখ কৰে। য’ত পাকিস্তানৰ আইএছআই আৰু আফগান সন্ত্ৰাসবাদী দলৰ সম্পৰ্কৰ বিষয়ে উল্লেখ আছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এই গৱেষণা পত্ৰ প্ৰস্তুত কৰিছিল বিশ্ববিদ্যালয়খনৰ মাট ৱাল্ডমেন কাৰ চেণ্টাৰ ফৰ হিউমেন ৰাইটছ পলিচী কেনেডী স্কুল অব গৱৰ্নমেণ্টে। এই তথ্যই তালিবানৰ শেহতীয়া উত্থানৰ পাছত ভাৰতৰ শংকা বৃদ্ধি কৰাটো অস্বাভাৱিক নহয়। কিয়নো তালিবান সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰি চীন আৰু পাকিস্তান উভয়েই ভাৰতৰ বিৰুদ্ধে কূটকৌশল ৰচনা কৰাৰ আশংকা আছে। এতিয়াও তালিবানে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে সহযোগ লাভ কৰি থকাটো স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰত অধিক সতৰ্ক হৈ থকাটো জৰুৰী বিবেচিত হ’ব পাৰে।