Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
নতুন দিল্লী : আফগানিস্তানৰ পৰা তালিবানৰ দুঃস্বপ্নৰ পৰিসীমা পাৰ হৈ ভাৰতলৈ উভতিল ১৬৮জনকৈ লোক। দেশখনত তালিবান সন্ত্ৰাসবাদীয়ে আকাস্মিকভাৱে ক্ষমতা দখল কৰাৰ পাছত তাত থকা বিভিন্ন দেশৰ নাগৰিকসকলৰ অৱস্থা হৈ পৰিছিল অতি শোচনীয়। ভাৰতৰো সহস্ৰাধিক লোক আবদ্ধ হৈ পৰিছে দেশখনত। এতিয়াও আন্তঃৰাষ্ট্ৰীয় বাহিনীৰ দখলত থকা কাবুল এয়াৰপৰ্টৰ পৰা এতিয়া চলিছে উদ্ধাৰকাৰী বিশেষ বিমান।
ভাৰতৰ প্ৰায় ডেৰশ লোকক তালিবানে আবদ্ধ কৰাৰ দৰে উদ্বেগজনকৰ খবৰৰ মাজতে দেওবাৰে ১৬৮জনকৈ যাত্ৰীক কঢ়িয়াই এখন বিশেষ বিমান ভাৰতত অৱতৰণ কৰিছে। ১০৭গৰাকী ভাৰতীয় নাগৰিক থকা ভাৰতীয় বায়ুসেনাৰ এই বিমানখন কাবুলৰ পৰা দিল্লীৰ সমীপৰ হিন্দন বায়ুসেনা ঘাটীত অৱতৰণ কৰে।
ইয়াৰ উপৰি এয়াৰ ইণ্ডিয়া, ইণ্ডিগো আৰু ভিষ্টাৰাৰ তিনিখন বিমান তাজিকিস্তানৰ ৰাজধানী ডুছানবে আৰু কাটাৰৰ ৰাজধানী দোহাৰ হৈ দেওবাৰে পুৱা ভাৰতত অৱতৰণ কৰে। এই বিমানকেইখনতো তালিবান অধ্যুষিত দেশখনত আবদ্ধ লোকক কঢ়িয়াই অনা হৈছ। দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই এয়াৰলিফ্টৰ প্ৰচেষ্টাৰ আলোকচিত্ৰ আৰু ভিডিঅ শ্বেয়াৰ কৰে। ভাৰতে নিজৰ নাগৰকিৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ চেষ্টা অব্যাহত ৰাখিছে।
Leave A Comment