• দলিত নিৰ্যাতনৰ ঘটনাই পুনৰ জোকাৰণি তুলিছে দেশত

    ৰাষ্ট্ৰীয়
    দলিত নিৰ্যাতনৰ ঘটনাই পুনৰ জোকাৰণি তুলিছে দেশত

    লক্ষ্ণৌ : দেশত পুনৰ সংঘটিত হৈছে দলিত নিৰ্যাতনৰ ঘটনা। অৱধাৰিতভাৱেই এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত জিলাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ দেশতে জোকাৰণি তুলিছে। এই অবাঞ্চিত ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে যে একাংশ লোকে অতি নিৰ্মভাৱে এজন যুৱকক মাটিত বগৰাই লৈ প্ৰহাৰ কৰিছে।





    চৰ, ঘোচা, লাঠী, গোৰ সোধাই নিৰ্যাতন চলোৱা হৈছে যুৱকজনক। ২০ বছৰীয়া যুৱকজন এই আক্ৰমণৰ ফলত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয়। আনকি তেওঁৰ নিম্ন অংশত লাঠীৰে খুঁচি দিয়াৰ দৃশ্যও কেমেৰাত বন্দী হৈছে। যুৱকজনৰ অপৰাধ এটাই, সেয়া হৈছে তেওঁ আছিল ‘চমাৰ’ সম্প্ৰদায়ৰ লোক। ভিডিঅ’টোত দেখা গৈছে যে, নিৰ্যাতনকাৰীৰ মাজৰ এজনে তেওঁক প্ৰথমে তেওঁৰ জাতিৰ বিষয়ে প্ৰশ্ন কৰে আৰু তেওঁ নিজৰ জাতৰ বিষয়ে প্ৰকাশ কৰাৰ লগে লগে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন আৰম্ভ কৰে।





    ঘটনাটো দুদিনৰ পূৰ্বেই সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই ঘটনাত জড়িত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আন দুজনক চিনাক্ত কৰি বিচাৰি আছে। নিৰ্যাতিত লোকজনক কানপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।