• দিল্লীত দৈনিক ‘কৃষক সংসদ’ : চৰকাৰলৈ প্ৰতিবাদী কৃষকৰ নতুন প্ৰত্যাহ্বান

    ৰাষ্ট্ৰীয়
    দিল্লীত দৈনিক ‘কৃষক সংসদ’ : চৰকাৰলৈ প্ৰতিবাদী কৃষকৰ নতুন প্ৰত্যাহ্বান

    নতুন দিল্লী : সংসদৰ বাহিৰে-ভিতৰে প্ৰবল বিদ্ৰোহৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ। সংসদৰ ভিতৰত বিৰোধীয়ে বিভিন্ন বিষয় লৈ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছে। কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰে হুংকাৰ দিছে যে, যেতিয়ালৈ চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়ালৈ তেওঁলোকে সংসদৰ বৰ্ষাকালীন অধিৱেশন সুকলমে অনুষ্ঠিত হ’বলৈ নিদিয়ে। এই প্ৰত্যাহ্বানৰ মাজতে সংসদৰ বাহিৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছে প্ৰতিবাদী কৃষকে।





    আঠ মাহৰো অধিক সময় ধৰি দিল্লী-হাৰিয়ানা সীমান্তত কৃষি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদৰত কৃষকসমাজে প্ৰতিবাদৰ নতুন পন্থা গ্ৰহণ কৰিছে। ২২জুলাইৰ পৰা কৃষকসকলে যন্তৰ-মন্তৰত ‘কিষাণ পাৰ্লিয়ামেণ্ট’ অৰ্থাৎ ‘কৃষক সংসদ’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিংঘু সীমান্তত প্ৰতিবাদৰত কৃষসকলৰ ২০০গৰাকীকৈ কৃষকে প্ৰতিদিনে এই প্ৰতিবাদত অংশ ল’ব। কৃষকসকলে পৰিকল্পনা কৰা ‘সংসদ যাত্ৰা’ কাৰ্যসূচীত আৰক্ষী-প্ৰশাসনে বাধা দান কৰাৰ পাছত এই নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে।





    এই সম্পৰ্কে মন্তব্য কৰি এগৰাকী কৃষক নেতাই কয়, ‘২২জুলাইৰ পৰা আমি যন্তৰ-মন্তৰত কৃষক সংসদ অনুষ্ঠিত কৰিম। সংসদৰ বৰ্ষাকালীন অধিৱেশন শেষ নোহোৱালৈকে দৈনিক ২০০গৰাকীকৈ কৃষকে এই কৃষক সংসদত ভাগ ল’ব। এই সংসদৰ কাম-কাজৰ বাবে প্ৰতিদিনে এগৰাকীকৈ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কৰা হ’ব।’ তেওঁলোকে কৃষি আইনৰ লগতে আন বিষয় সন্দৰ্ভত এই সংসদত আলোচনা কৰিব বুলি প্ৰকাশ কৰিছে।