• দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা

    ৰাষ্ট্ৰীয়
    দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা

    নতুন দিল্লী : ২৬ জানুৱাৰীত দিল্লীত হোৱা কৃষকৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্যত উচতনি দিয়া মূল অভিযুক্ত পঞ্জাৱৰ অভিনেতা দীপ সিদ্ধুসহ তিনিজন লোকৰ সন্ধান উলিওৱাজনলৈ ১লাখ টকাৰ পুৰস্কাৰ ঘোষণা৷ গণৰাজ্য দিৱসৰ দিনটোতে ৰাজধানী মহানগৰখনত হিংসা বিয়পাইছিল দীপ সিদ্ধুয়ে৷ আজি দিল্লী আৰক্ষীয়ে দীপ সিদ্ধুৰ সন্ধান উলিওৱাজনলৈ এই পুৰস্কাৰ ঘোষণা কৰে৷





    আৰু পঢ়িব পাৰিব : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো : ৰঞ্জিত দাস





    হিংসাত্মক কাৰ্যত উচতনি দিয়া আন অভিযুক্তৰ ভিতৰত জগবিৰ সিং, বুকা সিং, সুখদেৱ সিং আৰু ইকবাল সিঙৰ বিষয়ে কোনো তথ্য আৰক্ষীক অৱগত কৰিলে ৫০,০০০টকাকৈ পুৰস্কাৰ দিয়া হ’ব বুলি আৰক্ষীয়ে ঘোষণা কৰিছে৷





    আৰু পঢ়িব পাৰিব : ১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা





    উল্লেখ্য যে, কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদী কৃষকে ট্ৰেক্টৰ ৰেলী উলিয়াইছিল৷ এই ৰেলীত প্ৰতিবাদী কৃষক আৰু আৰক্ষীৰ সৈতে তীব্ৰ সংঘাতৰ সৃষ্টি হোৱাৰ লগতে একাংশ প্ৰতিবাদকাৰীয়ে লালকিল্লা চৌহদত বলপূৰ্বক প্ৰৱেশ কৰি শিখ ধৰ্মীয় পতাকা উৰুৱাইছিল৷