• দেশজুৰি 'টিকা উৎসৱ'ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !

    ৰাষ্ট্ৰীয়
    দেশজুৰি 'টিকা উৎসৱ'ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !

    নতুন দিল্লী : কৰ’না পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যসমূহত কৰ'নাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে তেওঁ৷ ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশত হ'ব ‘টিকা উত্সৱ’৷





    আৰু পঢ়িব পাৰিব : বাকসাত নৃশংস হত্যাকাণ্ডঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য





    ক্ষুদ্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ ইপিনে কৰ'না আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তিক চিনাক্তকৰণত গুৰুত্ব প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে মোদীয়ে৷ ৭২ ঘণ্টাত চিনাক্ত কৰিব লাগিব সংস্পৰ্শলৈ অহা ৩০জনক৷ ৪৫ বছৰৰ উৰ্ধ্বৰ সকলোকে দিব লাগিব ভেকচিন৷





    আৰু পঢ়িব পাৰিব : ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !





    নৈশ সান্ধ্য আইনক ‘কৰ’না কাৰ্ফিউ’ নামাকৰণৰ প্ৰস্তাৱ মোদীৰ৷ TEST, TRACK, TREAT পদ্ধতিৰে কৰ’না নিয়ন্ত্ৰণৰ পোষকতা কৰিবলৈ আহ্বান জনায় তেওঁ৷ অধিক ক’ভিড পৰীক্ষা কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান জনায় তেওঁ৷ সমগ্ৰ দেশত লকডাউনৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে তেওঁ৷