Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
কাবুলঃ আফগান মহিলা খেলুৱৈ কামিয়া ইউচুফি তালিবানৰ ভয়ত দেশৰ পৰা ইৰাণলৈ পলায়ন কৰিছে। ১৯৯৬ চনত একেখন দেশতে জন্মগ্ৰহণ কৰিছিল কামিয়া ইউচুফিয়ে। উল্লেখ্য যে, কামিয়াই ১৩ বছৰ বয়সত অলিম্পিক স্প্ৰিণ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
কামিয়াৰ অলিম্পিক যাত্ৰাৰ গুপুত স্বপ্নই ২০১৬ চনত সাকাৰ ৰূপ পাইছিল। ট’কিঅ' অলিম্পিকত দেশৰ হৈ কামিয়াই ধাৰণ কৰিছিল ৰাষ্ট্ৰীয় পতাকা। ১০০ মিটাৰ স্প্ৰিণ্টত মহিলাৰ শ্ৰেণীত হিটৰ পৰা বাদ পৰা স্বত্বেও কামিয়া ইউচুফিয়ে ১৩.২৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে আৰু এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
১৪.০২ ছেকেণ্ডত ৰিঅ' অলিম্পিকত দৌৰ শেষ কৰাৰ পাছত কামিয়াই ৫ বছৰ পূৰ্বে নিজেই এই অভিলেখ গঢ়িছিল। এইবাৰ তালিবানে কাবুল দখল কৰাৰ পাছত শংকিত কামিয়াই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। দেওবাৰে তালিবানে কাবুলৰ ক্ষমতা লাভৰ পাছত দেশৰ পৰা পলায়ন কৰি থকা অৱস্থাত বিমানৰ পৰা পৰি ফুটবলাৰ জাকি আনৱাৰীৰো মৃত্যু হৈছিল।
Leave A Comment