• দেশত নাটনিৰ মাজতে অক্সিজেন ৰপ্তানিত ভাৰতৰ অভিলেখ!

    ৰাষ্ট্ৰীয়
    দেশত নাটনিৰ মাজতে অক্সিজেন ৰপ্তানিত ভাৰতৰ অভিলেখ!

    নতুন দিল্লী : অভূতপূৰ্ব ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত ৰোগীৰ বাবে নাটনি হৈছে জীৱনদায়িনী অক্সিজেনৰ। দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ বাবে অক্সিজেন নোহোৱা হোৱা পৰিস্থিতিয়ে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। তাৰ মাজতে পোহৰলৈ আহিছে যে, ভাৰতৰ পৰা ৰপ্তানি হোৱা অক্সিজেনৰ পৰিমাণ যোৱা বছৰৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে ৭০০শতাংশো অধিক।





    আৰু পঢ়িব পাৰিব: বন বিভাগৰ অভিযানঃ জব্দ অগৰুভৰ্তি ট্ৰাক





    চৰকাৰী তথ্য অনুসৰি, ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ৰ জানুৱাৰীৰ ভিতৰত ভাৰতে অতিৰিক্ত ৯০০০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন ৰপ্তানি কৰিছে। ২০২০ বিত্তীয় বৰ্ষত ভাৰতে ৪৫০০ মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰিছিল। কিন্তু তাৰ পাছৰ পৰাই ই দুগুণ হৈ পৰে। ২০২০ চনৰ জানুৱাৰীৰ পৰা য’ত ভাৰতে ৩৫২মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰি আহিছিল এই পৰিমাণ এই বৰ্ষৰ জানুৱাৰীত ৭৩৪শতাংশ বেছি হৈ পৰে।





    আৰু পঢ়িব পাৰিব: কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে





    বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতে ২,১৯৩ মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰিছিল | যিটো ২০১৯ৰ ডিচেম্বৰ ভাৰতে ৰপ্তানি কৰিছিল ৫৩৮ মেট্ৰিক টন অক্সিজেন। অৰ্থাৎ পূৰ্ব বছৰৰ তুলনাত ৰপ্তানিৰ হাৰ ৩০৮ শতাংশ বেছি আছিল। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কিমান পৰিমাণৰ অক্সিজেন ৰপ্তানি কৰা হৈছিল সেই তথ্য এতিয়ালৈকে লাভ কৰাটো সম্ভৱ হোৱা নাই।