• দেশদ্ৰোহ! বান্দ্ৰা আৰক্ষীৰ সন্মুখত ভগ্নীসহ হাজিৰ কংগনা

    ৰাষ্ট্ৰীয়
    দেশদ্ৰোহ! বান্দ্ৰা আৰক্ষীৰ সন্মুখত ভগ্নীসহ হাজিৰ কংগনা

    মুম্বাই : মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হৈছে অভিনেত্ৰী কংগনা ৰানাৱট। দেশদ্ৰোহৰ গোচৰত অভিযুক্ত কংগনা ৰানাৱট আৰু তেওঁৰ ভগ্নী আজি বান্দ্ৰা আৰক্ষী থানাত হাজিৰ হয়।





    আৰু পঢ়িব পাৰিব : ‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত





    উল্লেখ্য যে, ব’ম্বে উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী জামিন প্ৰদানেৰে তেওঁলোকক গ্ৰেপ্তাৰত বাধা আৰোপ কৰিছে যদিও মুম্বাই আৰক্ষীৰ সন্মুখত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল।





    আৰু পঢ়িব পাৰিব : আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী





    ছ’চিয়েল মিডিয়াত ঘৃণা আৰু সাম্প্ৰদায়িক উদ্বেগ সৃষ্টিৰ অভিযোগত কংগনা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে অক্টোবৰ মাহতে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল বান্দ্ৰা আৰক্ষীয়ে। আজি দুয়ো আৰক্ষীৰ সন্মুখত হাজিৰ হৈ নিজৰ জবানবন্দী বাণীবদ্ধ কৰে।