• দেশদ্ৰোহৰ ভুৱা গোচৰ! মণিপুৰৰ ৰাজনৈতিক সংগ্ৰামীক মুক্তিৰ নিৰ্দেশ ন্যায়ালয়ৰ

    ৰাষ্ট্ৰীয়
    দেশদ্ৰোহৰ ভুৱা গোচৰ! মণিপুৰৰ ৰাজনৈতিক সংগ্ৰামীক মুক্তিৰ নিৰ্দেশ ন্যায়ালয়ৰ

    নতুন দিল্লী : চৰকাৰে হকে বিহকে বিভিন্ন লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ জাপি দিয়া কাৰ্য পুনৰ স্পষ্ট হৈ পৰিল। দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা মণিপুৰৰ এগৰাকী ৰাজনৈতিক কৰ্মীক উচ্চতম ন্যায়ালয়ে আজি তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। মণিপুৰৰ ৰাজনৈকিত অধিকাৰ কৰ্মী লেইকোমম্বাম আৰেণ্ডোক তেওঁৰ ফেচবুক পোষ্টৰ আধাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গোচৰ জাপি দিয়া হৈছিল। ৩৭বছৰীয়া আৰেণ্ডোৰ অপৰাধ আছিল যে, তেওঁ বিজেপি নেতা এগৰাকীক সমালোচনা কৰি গোমুত্ৰ আৰু গৰুৰ গোবৰে কৰ’না আৰোগ্য কৰিব নোৱাৰে বুলি লিখিছিল।





    ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই গোচৰটো কাইলৈপৰ্যন্ত পিছুৱাই দিয়াৰ আবেদন জনাইছিল যদিও ন্যায়ালয়ে তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লেইকোমম্বামৰ দীঘলীয়া কাৰাবাসে সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি তেওঁৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা বুলি অভিহিত কৰে। তেওঁক আজি বিয়লি ৫বজাৰ ভিতৰত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। কাৰাৰুদ্ধ ৰাজনৈতিক অধিকাৰ কৰ্মীগৰাকীৰ আৱেদনৰ আধাৰত এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে।