• দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা

    ৰাষ্ট্ৰীয়
    দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা

    শ্ৰীনগৰ : সন্ত্ৰাস আৰু নৈৰাজ্যৰ কলীয়া আন্ধাৰ এতিয়া আৰু কাশ্মীৰৰ পৰিচয় হৈ থকা নাই। ভূস্বৰ্গ কাশ্মীৰৰ নতুন সুগন্ধ এতিয়া দেশত বিয়পিবলৈ আৰম্ভ কৰিছে। তাৰ শেহতীয়া উদাহৰণ হৈছে এগৰাকী ২৫বছৰীয়া যুৱতী। আয়েছা আজিজ নামক কাশ্মীৰৰ এইগৰাকী যুৱতী দেশৰ কনিষ্ঠতম মহিলা পাইলট হোৱাৰ কৃতিত্বৰ অধিকাৰী হৈছে।





    আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ





    ২০১১চনত আয়েছাই ১৫ বছৰ বয়সত দেশৰ কনিষ্ঠতম শিকাৰু পাইলট হোৱাৰ কৃতিত্বৰো অধিকাৰী হৈছিল। শিকাৰু পাইলটৰ ৰূপত মিগ-২৯ বিমান উৰুৱাবলৈ তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰিছিল। ৰাছিয়াৰ ছোকোল বিমানকোঠৰ পৰা মিগ-২৯ উৰুৱাইছিল আয়েছাই। ব’ম্বে ফ্লায়িং ক্লাবৰ পৰা তেওঁ বিমান পৰিবহনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০১৭ চনত ব্যৱসায়িক অনুজ্ঞাপত্ৰ লাভ কৰে।





    আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা





    সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা কথা বতৰাৰ সময়ত আয়েছাই কয়, তেওঁ বিশ্বাস কৰে যে কাশ্মীৰৰ মহিলাই বিগত কেইবছৰমানত শিক্ষা ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ লগতে অন্যান্য দিশতো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। নিজৰ কৰ্মক্ষেত্ৰৰ প্ৰত্যাহ্বান আৰু কাঠিন্যৰ কথা স্বীকাৰ কৰি তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ পাই সুখী বুলি মন্তব্য কৰে।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online